ETV Bharat / state

গঠন হ'ল অল হিলছ ট্ৰাইবচ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ

author img

By

Published : Jan 11, 2022, 10:25 PM IST

কাৰ্বি আংলঙত গঠন হ'ল অল হিলছ ট্ৰাইবচ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ (All hills tribes chember of commerce and industries formed) ৷ এতিয়াৰে পৰা অবৈধ ব্যৱসায়, বাণিজ্যিক অনুজ্ঞাপত্ৰ বিহীন বেপাৰৰ ওপৰত ৰাখিব তীক্ষ্ণ নজৰ ৰাখিব নৱ গঠিত সংগঠন অল হিলছ ট্ৰাইবচ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজে ৷

All hills tribes chember of commerce and industries
গঠন হ'ল অল হিলছ ট্ৰাইবচ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ

ডিফু, 11 জানুৱাৰী : কাৰ্বি আংলং জিলাত নতুনকৈ গঠন হ'ল অল হিলছ ট্ৰাইবচ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ নামৰ এটা সংগঠন (All hills tribes chember of commerce and industries formed) ৷ সোমবাৰে সন্ধিয়া ডিফুৰ সমীপৰ বিৰলাস্থিত পেৰেডাইজ ৰেষ্টুৰেণ্টত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে সংগঠনটোৰ নেতৃবৰ্গই ৷ নৱগঠিত সংগঠনটোৰ সম্পাদক জন টেনডন বে' ই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, অল হিলছ ট্ৰাইবচ চেম্বাৰ অৱ কমাৰ্চ ব্যৱসায় বাণিজ্যৰ লগত বিষয়সমূহ নিৰিক্ষণ কৰাৰ দায়িত্ব ল’ব ৷

জিলাখনত গা কৰি উঠা নথি পত্ৰ বিহীন অবৈধ ব্যৱসায়, বাণিজ্যিক অনুজ্ঞাপত্ৰবিহীন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ওপৰতো তদন্ত চলাব বুলি মন্তব্য কৰে নৱ গঠিত সংগঠনটোৱে ৷ লগতে জিলাখনৰ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে স্কীল ট্ৰেইনিং, ক্ষুদ্ৰ উদ্যোগ আদিৰ বাবে প্ৰশিক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব সংগঠনটোৱে ৷ ইয়াৰোপৰি অবৈধ খননৰ পৰা আৰম্ভ কৰি স্বায়ত্বশাসিত পৰিষদৰ ৰাজহ বৃদ্ধি কৰাৰ দিশটোতো গুৰুত্ব আৰোপ কৰিব বুলি সংবাদমেল যোগে সংগঠনটোৰ নেতৃ বৰ্গই সদৰি কৰে ৷

গঠন হ'ল অল হিলছ ট্ৰাইবচ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ

উল্লেখ্য যে, নৱ গঠিত সংগঠনটোৰ অধ্যক্ষৰ দায়িত্বত আছে বিৰ্তন টেৰণ, সম্পাদকৰ দায়িত্বত আছে জন টেনডন বে’, বিত্ত সম্পাদক ৰাংচিনা বে’, কাৰ্যালয় সম্পাদক লংচিং টেৰণকে ধৰি আন কেইবাগৰাকীও সদস্য ৷ নৱগঠিত সংগঠনটোৰ নেতৃবৰ্গই ব্যৱসায়ী সকলক সংগঠনটোৰ সৈতে সহযোগিতা কৰিবলৈ এই সংবাদমেল যোগে আহ্বান জনায় ৷ আনহাতে, অল হিলছ ট্ৰাইবচ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ নামৰ সংগঠনটো ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ সৈতে এফিলিয়েটেড হৈ আছে বুলি জানিব দিয়ে ৷

লগতে পঢ়ক : কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰৰ পিছত প্ৰাক্তন KPLT(R) ৰ সদস্যই গঠন কৰিলে নতুন সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.