ETV Bharat / state

Political violence in Karbi Anglong : নিৰ্বাচনৰ প্ৰাকক্ষণত দুৰ্বৃত্তই জ্বলালে বিজেপিৰ কাৰ্যালয়

author img

By

Published : Jun 5, 2022, 1:07 PM IST

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনি দিন বাকী । তেনে সময়তে বোকাজানৰ বালিপথাৰত বিজেপিৰ কাৰ্যালয় নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰে (Miscreants burn BJP office in Karbi Anglong)। ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তক সকীয়নি বিধায়ক নোমল মমিনৰ ।

Political violence in Karbi Anglong
নিৰ্বাচনৰ প্ৰাকক্ষণত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়

ডিফু,৫ জুন : অহা ৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (KAAC election 2022)। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে জিলাখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে । একপ্ৰকাৰ বিজেপি দলে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ পুনৰ দখলৰ বাবে উঠি পৰি লাগিছে ।

কিন্তু ইয়াৰ মাজতে জিলাখনত আৰম্ভ হৈছে নিৰ্বাচনী হিংসা (Electoral violence in Karbi Anglong)। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপি দলৰ অস্থায়ী কাৰ্যালয় । ২৩ নং সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাদম তেৰাংপিৰ কাৰ্যালয় নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে (Miscreants burn BJP office in Karbi Anglong)।

নিশা প্ৰায় ১.৩০ মান বজাত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে বালিপথাৰস্থিত বিজেপি কাৰ্যালয়টোত । লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় বিধায়ক নোমল মমিন ।

নিৰ্বাচনৰ প্ৰাকক্ষণত দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়

কাৰ্যালয়টো পৰিদৰ্শন কৰি এই ঘটনাক গৰিহণা দিয়াৰ লগতে তদন্তৰ নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে (MLA Numal Momin on BJP office burn case)। ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰো সকিয়নী দিয়ে বিধায়ক ডাঃ নোমল মমিনে । সীমিত শক্তিৰে নিৰ্বাচনত জয়ী হ'ব নোৱাৰাক লৈ চিন্তিত একাংশ আৰু সেয়েহে একাংশই এনেদৰে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিছে বুলি বিধায়কগৰাকীয়ে দাবী কৰে । ইফালে আৰক্ষীয়েও ইতিমধ্যেই ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Firing in BTR : নিশাৰ ভিতৰতে দুই ব্যৱসায়ীক গুলীয়ালে দুৰ্বৃত্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.