ETV Bharat / state

ডিফুত ধনদাবী কৰি আটক কেপিএলটিৰ সদস্য

author img

By

Published : Aug 26, 2021, 10:55 AM IST

member-of-kplt-detained-for-extortion-in-diphu-etv-bharat-assam
ডিফুত ধনদাবী কৰি আটক কে পি এল টিৰ সদস্য

ডিফু বজাৰত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল এটা আলোচনাপন্থী কেপিএলটিৰ সদস্য। ধন দাবীৰ নামত আটক হৈছে কেপিএলটিৰ বিদ্ৰোহী সংগঠনৰ সদস্য ।

ডিফু, 26 আগষ্ট : এইবাৰ ডিফু বজাৰত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল এটা আলোচনাপন্থী কেপিএলটিৰ সদস্য । মূলসূঁতিলৈ অহাৰ পিছত একাংশ প্ৰাক্তন বিদ্ৰোহীয়ে বিভিন্ন কূটাঘাতমূলক কাৰ্যত জড়িত থকাৰ কথা পুনৰবাৰ প্ৰমাণিত হ'ল । এইবাৰ ধনদাবীৰ নামত আটক হৈছে কেপিএলটিৰ দৰে বিদ্ৰোহী সংগঠনৰ সদস্য । ডিফু বজাৰৰ অধিকাংশ ব্যৱসায়ীক একাংশ দুৰ্বৃত্তই বিভিন্ন ভাবুকিৰে ধন দাবী কৰি আহিছিল ।

ডিফুত ধনদাবী কৰি আটক কে পি এল টিৰ সদস্য

অৱশেষত গ্ৰেটাৰ ডিফু বজাৰ কমিটিয়ে ডিফু নগৰ আৰক্ষীক এজাহাৰ দাখিল কৰে । ইয়াৰ পিচতেই মঙলবাৰে সন্ধিয়া ডিফু আৰক্ষীয়ে মাটিপুং নিবাসী অৰুণ তেৰাঙক আটক কৰিবলৈ সক্ষম হয় । বুধবাৰে আটকাধীন কেপিএলটি সদস্য গৰাকীক উক্ত এজাহাৰৰ ভিত্তিত ডিফু থানাত 223/2021 নম্বৰত এক গোচৰ ৰুজু কৰি ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: সংবাদকৰ্মীক থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.