ETV Bharat / state

Road accident in karbi Anglong: কাৰ্বি আংলঙৰ চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

author img

By

Published : Dec 22, 2021, 8:46 PM IST

road accident in karbi Anglong
অগ্নিসংযোগ এখন বালিভৰ্তি ট্ৰাকত

বুধবাৰে কাৰ্বি আংলং জিলাৰ চামগুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Massive road accident at karbi Anglong) ৷ এই দুৰ্ঘটনাত মৃত্যু হয় বিদ্যুৎ শৰ্মা (২৬) নামৰ এজন যুৱকৰ ৷ এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ আনকি উত্তেজিত ৰাইজে জ্বলাই দিয়ে এখন ট্ৰাক ৷

ডিফু, ২২ ডিচেম্বৰ : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত চামগুৰিত অঘটন (Massive road accident at karbi Anglong) ৷ এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ আনকি উত্তেজিত ৰাইজে জ্বলাই দিয়ে এখন ট্ৰাক ৷

road accident in karbi Anglong
অগ্নিসংযোগ এখন বালিভৰ্তি ট্ৰাকত

ঘটনাৰ বিৱৰণি অনুসৰি, বুধবাৰে জিলাখনৰ চামগুৰিত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত মৃত্যু হয় বিদ্যুৎ শৰ্মা (২৬) নামৰ এজন যুৱকৰ ৷ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ আনকি উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে এখন বালিভৰ্তি ট্ৰাকত ৷

road accident in karbi Anglong
কাৰ্বি আংলঙৰ চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

লগতে আন কেইবাখনো বালি সৰবৰাহ কৰা ট্ৰাক ভাঙি চূৰমাৰ কৰে উত্তেজিত ৰাইজে ৷ পৰিস্থিতি কিছু অৱনতি ঘটাত উপায়ন্তৰ হৈ আৰক্ষীয়ে উত্তেজিত ৰাইজ ওপৰত লাঠীচাৰ্জ কৰিবলৈও বাধ্য হয় ৷

অভিযোগ অনুসৰি, উত্তেজিত ৰাইজে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰতো আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ জানিব পৰা মতে, এই দুৰ্ঘটনাত নিহত হোৱা বিদ্যুৎ শৰ্মা আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৷

লগতে পঢ়ক : Accident near Kaliabhomora Bridge : কলীয়াভোমোৰা দলঙৰ সমীপত ট্ৰাক-ব্যক্তিগত বাহনৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.