ETV Bharat / state

Clean up campaign: ডিফুত ডেংগু খেদিবলৈ ঝাড়ুলৈ ওলাল ৰাইজ

author img

By

Published : Aug 20, 2023, 1:48 PM IST

ডিফু চহৰত ভয়াৱহ ডেংগুৰ বিৰুদ্ধে হাতে হাতে ঝাড়ুলৈ ওলাই আহিল শ শ লোক । বন বিভাগ আৰু ডিফু চহৰৰ ব্যৱসায়ী ওলাই আহিল পৰিস্কাৰ কৰিবলৈ ।

Mass cleanlines drive in Diphu
ডিফু চহৰত চাফাই অভিযান

ডিফু চহৰত চাফাই অভিযান

ডিফু, ২০ আগষ্ট: ডিফু চহৰত আজি গ্ৰেটাৰ বজাৰ কমিটী ডিফু, ডিফু মিউনিচিপালটি বোৰ্ড আৰু থং নকবে ফিটনেছ জীমৰ উদ্যোগত চাফাই অভিযান চলোৱা হয় ৷ দেওবাৰে পুৱাৰে পৰাই ডিফুৰ চহৰ এলেকাত চলোৱা হয় এই চাফাই অভিযান ৷ ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে উক্ত চাফাই অভিযানৰ ৷

গ্ৰেটাৰ ডিফু বজাৰ কমিটী, ডিফু মিউনিচিপালটি বোৰ্ড, ডিফু থং নকবে ফিটনেছ জীম, কেএছএক চাৰিটাকৈ গোট, কাৰ্বি আংলং মটৰ ট্ৰেন্সস্প'ৰ্ট ৱৰ্কাৰ্ছ এণ্ড ড্ৰাইভাৰ ইউনিয়ন, অল কাৰ্বি আংলং বিল্ডিং এণ্ড আদাৰ্ছ কনষ্ট্ৰাকছন ৱৰ্কাৰ্চ ইউনিয়ন, বন বিভাগ আৰু ডিফু চহৰৰ ব্যৱসায়ীৰ লগতে অনান্য সকলেও হাতে হাতে ঝাড়ু কোৰ, টুকুৰী লৈ ওলাই আহিল ডিফু চহৰ পৰিষ্কাৰ কৰিবলৈ ৷ ডিফু চহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰেই ডেংগুৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেই এই চাফাই অভিযান চলোৱা হয় ৷

সংবাদ মাধ্যমৰ আগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি জনি তিমুঙে কয় যে, ডিফু চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলেৰে ৷ আমাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন কৰি জমা হোৱা আৱৰ্জনাবোৰ জাবৰ পেলোৱা ডাষ্টবিন আৰু যথাস্থানত ৰাখিবলৈ তেওঁ আহ্বান জনায় ৷ KAAC লোক নিৰ্মাণ বিভাগৰ বোৰ্ড চেয়াৰমেন লংচিং টকবীয়ে কয় যে, একাংশ অসৎ ব্যৱসায়ীয়ে দিনটো ব্যৱসায় কৰাৰ পিচত নিশা জাবৰ-জোথৰখিনি য'তে ত'তে পেলাই অপৰিষ্কাৰ পৰিৱেশৰ সৃষ্টি কৰে । তেনে ব্যৱসায়ী তথা লোকৰ বিৰুদ্ধ জৰিমনা বিহাৰ ব্যৱস্থা কৰিব লাগে বুলি কয় ৷

ইপিনে,গ্ৰেটাৰ ডিফু বজাৰ কমিটীৰ সভাপতি বিদ্যাছিং তিচ'ৱে কয় যে, KAACৰ CEM তুলিৰাম ৰংহাঙৰ নিৰ্দেশ মৰ্মে ডিফু চহৰ পৰিষ্কাৰ কৰাৰ উদ্দেশ্য লৈ আজি ডিফুত চাফাই অভিযান চলোৱা হৈছে ৷ উক্ত চাফাই অভিযান বিভিন্ন দল-সংগঠন,স্থানীয় ব্যৱসায়ী আৰু ৰাইজৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Internal conflict in BJP: কোন বিজেপি নেতাক কুপুত্ৰৰ সৈতে তুলনা কৰিলে জ্যেষ্ঠ নেতা অশোক শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.