ETV Bharat / state

মাঞ্জা-গোৱালপাৰাত বিলাসী বাহনসহ বৃহৎ পৰিমাণৰ জাল নোট জব্দ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 7:50 PM IST

Fake Currency Seized
আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ জালনোট

Fake Currency Seized : কাৰ্বি আংলং আৰক্ষীৰ অভিযানত জব্দ 1 কোটি 12 লাখ টকাৰ জালনোট ৷ বিলাসী বাহনসহ তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ৷

বৃহৎ পৰিমাণৰ জাল নোট জব্দ

ডিফু, 5 ডিচেম্বৰ : কাৰ্বি আংলং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ জালনোট ৷ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় 1 কোটি 12 লাখ টকাৰ জালনোট ৷ শুকুৰবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য) কংকন কুমাৰ নাথে জালনোট উদ্ধাৰ কৰাৰ সমগ্ৰ ঘটনা সন্দৰ্ভত বিৱৰি কয় ৷

আৰক্ষী বিষয়া গৰাকীয়ে কয় যে, এক গোপন খবৰৰ ভিত্তিত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ নিৰ্দেশ অনুসৰি ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈ আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগৰ নেতৃত্বত এক বিশেষ দল গঠন কৰি অভিযান আৰম্ভ কৰা হয় ৷ সেই অনুসৰি বুধবাৰে বিয়লি অভিযান চলাই গুৱাহাটীৰ পৰা মাঞ্জা অভিমুখে আহি থকা এখন বিলাসী বাহনত অভিযান চলাই 60 লাখ টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লক্ষীমপুৰ জিলাৰ ইছলামপুৰৰ লালুকৰ ৰচিদুল ইছলাম আৰু ডিব্ৰুগড় মৰাণ অঞ্চলৰ বিকাশ গগৈ নামৰ দুটা সৰবৰাহকাৰীক আটক কৰে ৷

ইফালে দুয়োটা সৰবৰাহকাৰীৰ প্ৰাৰম্ভিক জেৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলটোৱে গোৱালপাৰা জিলাৰ চকুধোৱা কৃষ্ণাই অঞ্চলৰ মূল অভিযুক্ত ৰচিদুল ইছলামৰ ঘৰৰ পৰা পুনৰ 52 লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ গোৱালপাৰাৰ ৰচিদুল ইছলামে 60 লাখ টকা জালনোটখিনি ৰচিদুল ইছলাম আৰু বিকাশ গগৈক গুৱাহাটীৰ লালমাটিত জমা দিছিল ৷ দুয়োটা অভিযানত আৰক্ষীয়ে মুঠ 1 কোটি 12 লাখ টকাৰ জাল নোট জব্দ কৰিবলৈ সক্ষম হয় ৷ জালনোট খিনি সৰবৰাহকাৰীৰ দলটোৱে গুৱাহাটীৰ পৰা কাৰ্বি আংলং জিলাৰ মাজেৰে ডিমাপুৰলৈ নিয়াৰ চেষ্টা চলাইছিল বুলি প্ৰকাশ কৰে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে ৷

সমগ্ৰ প্ৰক্ৰিয়াটোত সৰবৰাহকাৰীয়ে এখন ছুইফ্ট আৰু আৰ্টিকা বাহন ব্যৱহাৰ কৰিছিল ৷ অধিক তথ্যৰ বাবে অভিযানকাৰী দলটোৱে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে ঘটনাৰ লগত জড়িত দুয়োখন বাহনৰ চালক দুজনক সোধ-পোছ জাৰি ৰাখিছে আৰক্ষীয়ে ৷ বৰ্তমান তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথে ৷

লগতে পঢ়ক : বৰপেটাত ইলেকট্ৰনিক ভোটিং মেচিন প্ৰশিক্ষণ বুথ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.