ETV Bharat / state

মোদী আহি আছে; দলবদ্ধ ধৰ্ষণৰ গোচৰ ল’বলৈ আহৰি নাই কাৰ্বি আংলং আৰক্ষীৰ !

author img

By

Published : Apr 26, 2022, 9:24 PM IST

Updated : Apr 26, 2022, 10:02 PM IST

PM Modi to Visit Assam
দলবদ্ধ ধৰ্ষণৰ গোচৰ ল’বলৈ আহৰি নাই কাৰ্বি আংলং আৰক্ষীৰ !

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ব্যস্ততাৰ অন্ত নাই অসম আৰক্ষীৰ (PM Modi to Assam)৷ তাৰ মাজতে কাৰ্বি আংলঙত উত্থাপিত হৈছে সংঘটিত হ’ল দলবদ্ধ ধৰ্ষণৰ অভিযোগ ৷ কিন্তু ব্যস্ততাৰ বাবে ধৰ্ষণৰ অভিযোগ আৰক্ষীয়ে গ্ৰহণ নকৰাৰো উঠিছে আন এক গুৰুতৰ অভিযোগ ৷

নগাঁও, 26 এপ্ৰিল: কাৰ্বি আংলঙৰ বকলিয়াঘাটত সংঘটিত হৈছে জঘন্য ঘটনা ৷ বিহু চাবলৈ যোৱা যুৱতীক দলবদ্ধ ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Gang rape in Karbi Anglong)। দেওবাৰে কাৰ্বি পাহাৰৰ ইংলেং গাঁৱৰ পথৰ দাঁতিত মূৰ্মুৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকী । পথৰ দাঁতিত উলংগ অৱস্থাত প্ৰত্যক্ষ কৰি এজন লোকে চিনাক্ত কৰিছিল যুৱতীগৰাকীক ।

বকলিয়াঘাটত দেওবাৰে নিশা হোৱা এক বিহু অনুষ্ঠানৰ পৰা সুৰেশ নাথ নামৰ যুৱকজনে বাইকেৰে লৈ আহিছিল যুৱতীগৰাকীক । বৰ্তমান নগাঁও বৰঘাট বাইপাছৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ICU ত ভৰ্ত্তি হৈ আছে যুৱতীগৰাকী । ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই স্থানীয় আৰক্ষীয়ে (Karbi Anglong Police denied FIR of rape victim)।

দলবদ্ধ ধৰ্ষণৰ গোচৰ ল’বলৈ আহৰি নাই কাৰ্বি আংলং আৰক্ষীৰ !

আনকি প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ব্যস্ত থকা কাৰ্বি আংলং আৰক্ষীয়ে এই জঘন্য ঘটনাৰ গোচৰৰ কোনো গুৰুত্ব নিদিয়া বুলিও অভিযোগ উত্থাপিত হৈছে ।

বেটী বছাও শ্লোগান দিয়া প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ আগমনৰ(PM Modi to visit Assam) দোহাই দি এক জঘন্য ঘটনাৰ বলি হোৱা যুৱতীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত চূড়ান্ত গাফিলতি কৰাৰ অভিযোগে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনোবাই টুইট কৰিলেই হিমন্ত চৰকাৰে গ্ৰেপ্তাৰ কৰে : আব্দুল খালেক

Last Updated :Apr 26, 2022, 10:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.