ETV Bharat / state

পহিলা জানুৱাৰীত কাৰ্বি আংলঙত উন্মোচিত হ’ল বহুকেইখন আঁচনিৰ

author img

By

Published : Jan 1, 2022, 10:07 PM IST

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে জিলাখনৰ উন্নয়ণমুখী যাত্ৰাৰ অংশ হিচাপে শণিবাৰে উন্মোচন কৰে বহুকেইখন আঁচনিৰ (KAAC chief inaugurated various scheme) ৷ আঁচনিকেইখন উন্মোচন কৰি মুখ্য কাৰ্যবাহী সদস্যজনে জিলাখনত স্থায়ী শান্তি স্থাপনৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সমবিকাশৰ প্ৰয়োজন বুলি মন্তব্য কৰে ৷

পহিলা জানুৱাৰীত কাৰ্বি আংলঙত উন্মোচিত হ’ল বহুকেইখন আঁচনিৰ
পহিলা জানুৱাৰীত কাৰ্বি আংলঙত উন্মোচিত হ’ল বহুকেইখন আঁচনিৰ

ডিফু, ১ জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে কৰ্ম-সংস্কৃতিৰ মাজেৰে আৰম্ভ কৰিলে জিলাখনৰ এক উন্নয়ণমুখী যাত্ৰা ৷ শণিবাৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে টীম কাৰ্বি আংলং হিচাপে সাংসদ হৰেণ ছিং বে', বিধায়ক দৰচিং ৰংহাং, বিদ্যাছিং ইংলেং, পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য-সদস্যাৰ লগতে ডিফু মিউনিচিপালটি বৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ'কে আদি কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তিৰ লগত ডিফু মিউনিচিপালটি বোৰ্ডৰ অধীনত বহুকেইখন আঁচনিৰ শুভ উদ্বোধন কৰে (KAAC chief inaugurated various scheme) ৷

পহিলা জানুৱাৰীত কাৰ্বি আংলঙত উন্মোচিত হ’ল বহুকেইখন আঁচনিৰ

ডিফু ডিএভি হোষ্টেলৰ কাষত এটি জিৰণি চ'ৰাকে ধৰি মুঠ ১৪ টা জিৰণি চ'ৰা, ১৭ টা পেভাৰ্ট ব্লকেৰে নিৰ্মিত পথ আৰু ডিফু চহৰৰ মাজমজিয়াত এটি ফাউণ্টেইনৰ শুভ উদ্ধোধন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত তুলিৰাম ৰংহাঙে কয় যে, জিলাখনত স্থায়ী শান্তি স্থাপনৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীৰ সম উন্নয়ন, সমবিকাশৰ প্ৰয়োজন ৷ জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মুখত হাঁহি বিৰিঙি থকাটো তেওঁ কামনা কৰে ৷

নতুন বছৰৰ প্ৰথমটো দিনতে ঘৰতে বহি নাথাকি ডিফু চহৰত কেইবাখনো উন্নয়ণমূলক আঁচনিৰ শুভ উদ্ধোধন কৰি কৰ্ম সংস্কৃতিৰ পৰিচয় দিয়া হৈছে বুলি মন্তব্য কৰে মুখ্যকাৰ্যবাহী সদস্যজনে ৷ আনহাতে 2022 বৰ্ষত জিলাখনত যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত পিছপৰি থকা দিশসমূহত গুৰুত্ব আৰোপ কৰিব বুলি তুলিৰাম ৰংহাঙে উল্লেখ কৰে ৷

লগতে পঢ়ক: PSO সন্দৰ্ভত শনিবাৰে কেবিনেটে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.