PSO সন্দৰ্ভত শনিবাৰে কেবিনেটে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

author img

By

Published : Jan 1, 2022, 6:40 PM IST

assam-cabinet-decision-on-pso

সাংবিধানিক পদবী সমূহৰ বাহিৰে বাকী সকলে PSO ব্যৱহাৰ কৰা সন্দৰ্ভত অসম কেবিনেটে গ্ৰহণ কৰিছে কেইবাটাও সিদ্ধান্ত (Assam cabinet decision on PSO ) ৷ PSO ৰ নামত অসম চৰকাৰৰ ব্যয় হৈ আহিছে প্ৰায় চাৰিশ কোটি টকা । সবিশেষ জানো আহক ৷

গুৱাহাটী, ১ জানুৱাৰী : কোনে নিৰাপত্তাৰ বাবে লগত ৰাখিব পাৰিব PSO ? এই বিষয়টোক লৈ বিগত প্ৰায় এটা সপ্তাহে ৰাজ্যৰ ৰাজনীতিৰ পানী ঘোলা হৈ থকাৰ পিছত নতুন বছৰৰ প্ৰথমটো দিনতে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে এই সন্দৰ্ভত ললে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ২০২২ বৰ্ষৰ প্ৰথমখন কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰে স্বয়ং মুখ্যমন্ত্ৰীয়ে । বছৰৰ প্ৰথম দিনটোতে জ্যেষ্ঠ সাংবাদিক সকলৰে হোৱা 'নতুন দিনৰ আলাপ' শীৰ্ষক এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, " সাংবিধানিক পদবী সমূহৰ বাহিৰে বাকী সকলে PSO ব্যৱহাৰ কৰা সন্দৰ্ভত আজিৰ কেবিনেটে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam cabinet on PSO ) ।''

তেওঁ জানিবলৈ দিয়ে যে, PSO ৰ নামত অসম আৰক্ষীৰ মুঠ চাৰিটা বেটেলিয়নৰ ৪,২৭০ জন জোৱান নিযুক্ত হৈ আছে । এই জোৱানসকলৰ বাবে চৰকাৰৰ ব্যয় হয় প্ৰায় চাৰিশ কোটি টকা । মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এই জোৱান সকলৰ ভিতৰত ২,৫২৬ জন PSO হিচাপে নিযুক্ত হৈ আছে ৰাজনীতিক সকলৰ সৈতে । ৮৫৪ জন জোৱান প্ৰশাসনীয় বিষয়া সকলৰ সৈতে, ৫৪৬ জন জোৱান ন্যায়িক বিষয়া সকলৰ সৈতে, ১৬৭ জন জোৱান ছাত্ৰনেতা আৰু ব্যৱসায়ী সকলৰ সৈতে, ৪০ জন জোৱান চাহ বাগিচাৰ মেনেজাৰ সকলৰ সৈতে আৰু ৫২ জন জোৱান প্ৰাক্তন উগ্ৰপন্থী সকলৰ দেহৰক্ষী হিচাপে নিয়োজিত হৈ আছে ।

PSO সন্দৰ্ভত শনিবাৰে কেবিনেটে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

PSO যাতে কাৰো বাবে ষ্টেটাছ চিম্বল স্বৰূপ হব নোৱাৰে তাৰ বাবে আজিৰ কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছে(Assam cabinet decides to reduce PSO facility) । সেই অনুসৰি, এতিয়াৰে পৰা আৰক্ষী অধীক্ষক সকলে প্ৰয়োজন সাপেক্ষে ১০ দিনৰ বাবে আৰু আৰক্ষী সঞ্চালক প্ৰধানে ৩০ দিনৰ বাবে নিৰাপত্তাৰক্ষী প্ৰদান কৰিব পাৰিব । তাতোকৈ অধিক দিনৰ বাবে প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰীৰ অনুমোদনৰ প্ৰয়োজন হব । আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ চৰকাৰৰ কাৰ্যকালত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে সকলো প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে এটাকৈ চৰকাৰী ঘৰ আৰু নিৰাপত্তাৰক্ষী লাভ কৰিব ।

কিন্তু শনিবাৰৰ কেবিনেটে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, " মোৰ কাৰ্যকালৰ পৰাই এই নতুন সিদ্ধান্ত কাৰ্যকৰী হব । মই বা মোৰ পিছৰ কোনো মুখ্যমন্ত্ৰীয়ে কাৰ্যকাল শেষ হোৱাৰ পিছত চৰকাৰী ঘৰ বা নিৰাপত্তাৰক্ষী লাভ নকৰিব (No government home and security for EX CMs )। " শনিবাৰৰ কেবিনেটে গুৱাহাটী মহানগৰীৰ ভিতৰত চলাফুৰা কৰোতে মুখ্যমন্ত্ৰীৰ কনভয়ত গাড়ীৰ সংখ্যা হ্ৰাস কৰিবলৈয়ো সিদ্ধান্ত লয় । মুখ্যমন্ত্ৰীৰ কনভয়ত সৰ্বমুঠ ২২ খন গাড়ী চলাচল কৰিছিল যদিও এতিয়াৰে পৰা ৭ বা ৮ খনহে থাকিব বুলি প্ৰকাশ কৰে ড৹ শৰ্মাই (Assam CM to reduce vehicle in convoy) ।
লগতে পঢ়ক : CM meets journalists: বছৰৰ পহিলা দিনটোত মুখ্যমন্ত্ৰীৰ "নতুন দিনৰ আলাপ"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.