ETV Bharat / state

বোকাজানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ চাৰিজনক আটক

author img

By

Published : Oct 1, 2021, 7:59 PM IST

illegal weapons seized in Assam Nagaland border
বোকাজানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ চাৰিজনক আটক

কাৰ্বি আংলং আৰক্ষী আৰু আছাম ৰাইফলছে এক যুটীয়া অভিযান চলাই বৃহৎ সংখ্যক মৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বোকাজান থানাৰ অধীনৰ নাহৰজানৰ ছোটলেংৰীত জব্দ মাৰণাস্ত্ৰ খিনি ৷

ডিফু, ১ অক্টোবৰ : অসম-নাগালেণ্ড সীমান্তত শুকুৰবাৰে কাৰ্বি আংলং আৰক্ষী আৰু আছাম ৰাইফলছে এক যুটীয়া অভিযান চলাই বৃহৎ সংখ্যক মৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি, মাৰণাস্ত্ৰ সহ কেইগৰাকীমান লোক অসম-নাগালেণ্ড সীমান্তৰে অসমৰ দিশে আহি থকাৰ তথ্য লাভ কৰিছিল কাৰ্বি আংলং আৰক্ষীয়ে ৷ ইয়াৰ পাচতে নাকা তালাচী আৰম্ভ কৰে আৰক্ষীয়ে ৷

কাৰ্বি আংলং জিলাৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই নাকা তালাচী ৷ এই নাকা তালাচীৰ জৰিয়তে বোকাজান থানাৰ অধীনৰ নাহৰজানৰ ছোটলেংৰীত এখন নম্বৰ প্লেট বিহীন এখন বাহন জব্দ কৰে ৷ উক্ত বাহনখনৰ পৰাই তিনিটা ৫৬ ৰাইফল, এটা পিষ্টল, মেগজিন, বহু সংখ্যক সজীৱ গুলী, মবাইল ফোন আদি জব্দ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ লগতে নাংপৈ ভাচিম আচহাঙ চিথুং, টাৰটাৰ লাংচুংৰেই কামেই, খুইকাচহাঙ থাংকুল আৰু জিংখি ৱংজিৰিংগাম নামৰ চাৰিজন লোকক আটক কৰে ৷ বৰ্তমান আটকাধীন লোক কেইজনক জেৰা অব্যাহত ৰাখিছে কাৰ্বি আংলং আৰক্ষীয়ে ৷

লগতে পঢ়ক: শ্বেৰমান আলি বিজেপিৰ এজেন্ট : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.