ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত নগা দুস্কৃতিকাৰীয়ে সাজিছে তোৰণ

author img

By

Published : May 7, 2021, 7:27 AM IST

Updated : May 7, 2021, 8:54 AM IST

অসম-নাগালেণ্ড সীমান্তত নগা দুস্কৃতিকাৰীয়ে সাজিছে তোৰণ
অসম-নাগালেণ্ড সীমান্তত নগা দুস্কৃতিকাৰীয়ে সাজিছে তোৰণ

পুনৰ অসম-নাগালেণ্ড সীমান্তৱর্তী কাৰ্বি আংলং জিলাৰ ভূ-খণ্ডত নগা দুস্কৃতিকাৰীয়ে সাজিছে তোৰণ ৷ যাৰ ফলত জিলাখনৰ আৱাসীসকল নিৰাপত্তাহীনতাত ভোগাৰ লগতে ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে ৷ এই তোৰণ স্থাপনৰ পাচতে পুনৰ দুয়ােখন ৰাজ্যৰ সীমান্তত উত্তেজনাৰ সৃষ্টি হৈছে ৷

ডিফু,7মে': শেহতীয়াকৈ মহামাৰীৰ আতংকই পুনৰ সমগ্র দেশবাসীক জুৰুলা কৰি ৰখাৰ সময়তে পুনৰ অসম-নাগালেণ্ড সীমান্তৱর্তী কাৰ্বি আংলং জিলাৰ ভূ-খণ্ডত নগাই অবৈধভাৱে গেট স্থাপন কৰা ঘটনাই পুনৰ দুয়ােখন ৰাজ্যৰ সীমান্তত উত্তেজনা বৃদ্ধি কৰিছে । একাংশ নগা দুস্কৃতিকাৰীয়ে কাৰ্বি আংলঙৰ ভূমিত গেট স্থাপন কৰাৰ ফলত গেটৰ সিপাৰে থকা জিলাখনৰ আৱাসীসকল ভীষণ সমস্যাৰ সন্মুখীন হােৱাৰ লগতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৷

অসম-নাগালেণ্ড সীমান্তত নগা দুস্কৃতিকাৰীয়ে সাজিছে তোৰণ
অসম-নাগালেণ্ড সীমান্তত নগা দুস্কৃতিকাৰীয়ে সাজিছে তোৰণ

প্রাপ্ত তথ্য অনুসৰি, কাৰ্বি আংলঙৰ ধনশিৰিৰ অসম-নাগালেণ্ড সীমান্তৰ ডিমাপুৰৰ দাঁতি কাষৰীয়া কাৰ্বি আংলঙৰ চাংতাম টিলা নামৰ ঠাইত এগৰাকী নগা নেতৃস্থানীয় লােকৰ নেতৃত্বত স্থাপন কৰা হৈছে এখন গেট। মূলতঃ অসমৰ পৰা যাতে চুবুৰীয়া ৰাজ্যখনত ক’ভিডৰ সংক্রমণ ঘটিব নােৱাৰে তাৰ বাবেই গেটখন স্থাপন কৰা বুলি কোৱা হৈছে যদিও কাৰ্বি আংলঙৰ ভূমিত স্থাপন হােৱা গেটখনৰ প্রসংগক কেন্দ্ৰ কৰি জিলাখনত সৃষ্টি হৈছে প্রতিক্রিয়াৰ ।

বিশেষকৈ ডিফু-লামডিং-হাফলঙৰ পথচোৱাত গেটখন স্থাপন কৰাৰ ফলত আনটো পাৰে থকা জিলাখনৰ বহু লােকে এতিয়া জিলাখনত প্রৱেশ কৰিব নােৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ ফলত স্থানীয় লােকসকলা যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । সীমান্তত এনে পৰিস্থিতিৰ সৃষ্টি হােৱাৰ সময়তে বৃহস্পতিবাৰে কার্বি ছাত্ৰ সন্থাৰ নেতা চিমিঅন ৰংফাৰ আৰু ডিমাচা ছাত্ৰ সন্থাৰ নেতা ধীৰাজ ডিফুছাই সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

অসম-নাগালেণ্ড সীমান্তত নগা দুস্কৃতিকাৰীয়ে সাজিছে তোৰণ

ঘটনা সন্দৰ্ভত নগা ছাত্ৰ সংগঠনৰ সৈতেও ছাত্রনেতা দুগৰাকীয়ে আলােচনাত মিলিত হয় যদিও ফলপ্রসূ সমাধান উলিওৱাত ব্যর্থ হয় ৷ ইয়াৰ পাচতে দুয়ােগৰাকী ছাত্রনেতাই ৰাজ্যত নতুনকৈ গঠন হােৱা চৰকাৰক অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা সম্পর্কে বিহিত ব্যবস্থা গ্রহণ কৰাৰ দাবী জনোৱাৰ লগতে দুয়ােখন ৰাজ্যৰ সীমামূৰীয়া কাৰ্বি আংলঙৰ ভূমিত স্থাপন কৰা গেটখনাে শীঘ্ৰে উঠাই নিয়াৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক: চাৰিমহীয়া সন্তানক বুকুত গুজি পদুলি মুখত অপহৃত ৰিতুল শইকীয়াৰ পত্নী

Last Updated :May 7, 2021, 8:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.