ETV Bharat / state

Gold Seized at Karbi Anglong : কাৰ্বি আংলঙৰ ডিলাইত ৪৯ টুকুৰা অবৈধ সোণৰ বিস্কুট জব্দ

author img

By

Published : Dec 11, 2021, 10:32 PM IST

Illegal gold seized
কাৰ্বি আংলঙৰ ডিলাইত ৪৯ টুকুৰা অবৈধ সোণৰ বিস্কুট জব্দ

অসম-নাগালেণ্ড সীমান্তত এইবাৰ ড্ৰাগছ অথবা অবৈধ সুৰাৰ নহয়, অবৈধ সোণৰ বিস্কুট সৰবৰাহৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ কাৰ্বি আংলং আৰক্ষীয়ে ডিলাই তিনিআলিত চলোৱা এক নাকা তালাচীৰ সময়তে AS-01EV-2350 নম্বৰৰ এখন বাহনৰ পৰা জব্দ হয় বৃহৎ পৰিমানৰ সোণৰ বিস্কুট (Illegal gold biscuits seized) ৷

ডিফু, ১১ ডিচেম্বৰ : পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত এইবাৰ ড্ৰাগছ অথবা অবৈধ সুৰা নহয়, অবৈধ সোণৰ বিস্কুট সৰবৰাহৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বোকাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্ম, লাহৰিজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমান, ডিলাই থানাৰ এগৰাকী উপ-পৰিদৰ্শকৰ সহযোগত আৰক্ষীৰ এটা দলে চলায় নাকা তালাচী ৷

ডিলাই তিনিআলিত চলোৱা এই নাকা তালাচীত AS-01EV-2350 নম্বৰৰ এখন বাহনৰ পৰা জব্দ হয় বৃহৎ পৰিমানৰ সোণৰ বিস্কুট ৷ ক'লা টেপেৰে মেৰিয়াই অনা চাৰি পেকেট সোণৰ বিস্কুট জব্দ কৰে আৰক্ষীয়ে(Gold biscuits seized in Karbi Anglong) ৷ আটাইকেইটা পেকেট খুলি ৪৯ টুকুৰা সোণৰ বিস্কুট জব্দ কৰে আৰক্ষীয়ে ৷ জব্দ কৰা সোণৰ বিস্কুটৰ ওজন ৮ কিলো ১৮ গ্ৰাম বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷

কাৰ্বি আংলঙৰ ডিলাইত ৪৯ টুকুৰা অবৈধ সোণৰ বিস্কুট জব্দ

উল্লেখ্য যে, সোণৰ বিস্কুটসমূহ সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোক কেইজনৰ নাম ক্ৰমে মণিপুৰৰ প্ৰকাশ বাস্নেট আৰু সুভাষ বিস্তা ৷ জব্দকৃত সোণৰ বিস্কুটখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় চাৰি কোটি টকাৰো অধিক ঙৱব বুলি কাৰ্বি আংলং আৰক্ষী(Karbi Anglong Police)ৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতেল পঢ়ক: AASU Observes Black Day: কা' বিৰোধীতাৰে উত্তাল প্ৰতিবাদ আছুৰ যোৰহাট জিলা সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.