ETV Bharat / state

কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ

author img

By

Published : Mar 5, 2021, 9:27 PM IST

কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা ৷ নন্দিতা গার্লোছা-হাফলং, ডাঃ মমিন-বােকাজান, দৰছিং ৰংহাং-হাওৰাঘাট, বিদ্যাছিং ইংলেং-ডিফু আৰু ৰূপছিং টেৰণ-বৈঠালাংছত বিজেপি প্রার্থী ।

কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ
কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ

ডিফু,5 মার্চঃ কার্বি আংলং-ডিমা হাচাও জিলাত এইবাৰ পাঁচখন বিধানসভা আসনৰ বাবে বিজেপি দলে চাৰিজন নতুন মুখৰ প্রার্থীক নির্বাচনত অৱতীর্ণ কৰিছে । আজি নতুন দিল্লীত এখন সংবাদমেলযােগে দলটোৰ শীর্ষ নেতাই এই কথা ঘােষণা কৰে। গেৰুৱা দলটোৰ দখলতেই আছে দুয়ােখন পার্বত্য জিলাৰ পাচোখন বিধানসভা আসন। মূলতঃ এইবাৰ পাহাৰত পৰিলক্ষিত হ’ল হিমন্ত বিশ্ব শর্মাৰ দপদপনি। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদত নিজৰ প্রভাৱ বিস্তাৰ কৰি অহা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা আৰু কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত এইবাৰ পাহাৰত গেৰুৱা দলে প্রার্থী প্রক্ষেপ কৰিছে ।

কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ
কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ

উল্লেখনীয় কথাটো হ’ল যে, এইবাৰ ডিফু বিধানসভা সমষ্টিৰ পৰা মন্ত্রী চুম ৰংহাঙে দলীয় প্রার্থিত্ব লাভ নকৰিলে। স্বায়ত্ত শাসিত পৰিষদৰ নেতৃবর্গৰ সৈতে সংঘাত থকাৰ বাবেই মন্ত্রীগৰাকীয়ে এইবাৰ দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত হােৱা বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি স্বাস্থ্যজনিত কাৰণতাে মন্ত্রীগৰাকী বাছনিত নুঠা বৃলি দলীয় সূত্রই প্রকাশ কৰিছে । মন্ত্রীগৰাকীৰ স্থানত কংগ্রেছ দলৰ পৰা তিনিবাৰকৈ বিধায়ক হােৱা বিদ্যাছিং ইংলেঙে ডিফু সমষ্টিব পৰা বিজেপি দলৰ প্রার্থিত্ব লাভ কৰিলে ।

কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ
কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ

আনহাতে, তিনিবাৰকৈ বৈঠালাংছ বিধানসভা সমষ্টি প্রতিনিধিত্ব কৰা বিধায়ক ডাঃ মানছিং ৰংপিয়েও এইবাৰ দলীয় প্রার্থিত্ব লাভৰ পৰা বঞ্চিত হ’ব লগা হ’ল। তেওঁৰ স্থানত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কার্যবাহী সদস্য ৰূপছিং টেৰণে সমষ্টিটোৰ পৰা দলীয় প্রার্থিত্ব লাভ কৰিলে । হাওৰাঘাট বিধানসভা সমষ্টিত এইবাৰ বিধায়ক জয়ৰাম ইংলেঙৰ স্থানত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সদস্য দৰছিং ৰংহাঙে প্রার্থিত্ব লাভ কৰিছে আৰু তেওঁ ৰংহাঙ পৰিয়ালৰ আত্মীয় ও ৰংহাং পৰিষদৰ অন্যতম ক্ষমতাশালী সদস্যৰূপে পৰিচিত । দুয়ােখন পার্বত্য জিলাত এইবাৰ বােকাজানৰ বিধায়ক ডাঃ নােমল মমিনেহে পুনৰ দলীয় প্রার্থিত্ব লাভ কৰিবলৈ সক্ষম হ’ল ।

কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ
কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ

ইপিনে, হাফলং বিধানসভা সমষ্টিৰ বর্তমানৰ বিধার়ক বীৰভদ্র হাগজেৰৰ স্থানত এইবাৰ পৰিষদৰ কার্যবাহী সদস্য নন্দিতা গাৰ্লোছাই দলীয় প্রা্থিত্ব লাভ কৰিব লাভ কৰিলে । আনুষ্ঠানিক ঘােষণাৰ পাছতেই বিষম্বাদৰ সম্ভাৱনাও প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষক সকলে । দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত হলেও হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙে কংগ্রেছ দলৰ পৰা হাওৰাঘাট অথবা বৈঠালাংছ বিধানসভাৰ পৰা প্ৰাৰ্থী হােৱাৰ সম্ভাবনা ও প্রকাশ কৰিছে নিশ্চিত সূত্রটোৱে ।

কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ
কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ

উল্লেখ্য যে পাহাৰত বহু চর্চা হৈছিল কংগ্রেছ আৰু আঞ্চলিক দল এএছডিচিৰ মিত্রতাকলৈ । কিন্তু, মিত্রতা নােহােৱাত এতিয়া পাহাৰত বিজেপিৰ বিসম্বাদেই বিৰোধীৰ নির্বাচনী বৈতৰণী পাৰ হােৱাৰ উপায় হ’ব পাৰে ।

কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ
কাৰ্বি পাহাৰৰ পাঁচখন আসনৰ চাৰিখনতেই প্ৰাৰ্থী ঘোষণা বিজেপিৰ
লগতে পঢ়কঃ ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.