ETV Bharat / state

Gold Smuggling in Assam :বোকাজানত সোণৰ বিস্কুটসহ দুজনক আটক

author img

By

Published : Jan 7, 2022, 9:50 AM IST

Updated : Jan 7, 2022, 10:05 AM IST

three gold bisciut
আৰক্ষীয়ে পালে তিনিটাকৈ সোণৰ বিস্কুট

বৃহস্পতিবাৰে নিশা বোকাজান আৰক্ষীয়ে চলোৱা এক অভিযানত তিনিখনকৈ সোণৰ বিস্কুটসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ এখন যাত্ৰীবাহী বাছত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰায় 497.82 গ্ৰাম ওজনৰ তিনিখন সোণৰ বিস্কুট (Gold bars seized by Bokajan Police in Karbi Anglong) ৷

ডিফু, 7 জানুৱাৰী : কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত আৰক্ষীয়ে দুজন লোকক আটক কৰাৰ লগতে জব্দ কৰিছে তিনিখনকৈ সোণৰ বিস্কুট ৷ বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বৃহস্পতিবাৰে নিশা চলোৱা এক অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে সোণৰ এই বিস্কুটখন(Gold bars seized by Bokajan Police in Karbi Anglong) ৷

বোকাজানত সোণৰ বিস্কুটসহ দুজনক আটক

খটখটি আৰক্ষী চকীৰ অন্তৰ্গত SBI ৰ এটা শাখাৰ সন্মুখত চলোৱা তালাচীত এখন যাত্ৰীবাহী বাছৰ পৰা আৰক্ষীয়ে সোণৰ বিস্কুট তিনিখন জব্দ কৰিবলৈ সক্ষম হয় ৷ AS 01 AC 8977 নম্বৰৰ এখন যাত্ৰীবাহী বাছত চলোৱা তালাচীত বাছখনত অহা দুজন লোকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় 497.82 গ্ৰাম ওজনৰ এই তিনিখন সোণৰ বিস্কুট (Gold Smuggling in Assam) ৷

three gold bisciut
মহিলা সৰবৰাহকাৰী

সোণখিনি সৰবৰাহৰ লগত জড়িত এগৰাকী মহিলাকে ধৰি দুজন সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষী সূত্ৰৰ পৰা জনোৱা অনুসৰি সোণখিনি সৰবৰাহৰ সৈতে জড়িত আটকাধীন লোক দুজন ক্ৰমে মণিপুৰৰ ইন্দু বালা টংৰাং আৰু ৰমেশ চালাম ৷

লগতে পঢ়ক : Bulli Bai App controversy : অসমত গ্ৰেপ্তাৰ মূল খলনায়ক

Last Updated :Jan 7, 2022, 10:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.