ETV Bharat / state

উদীয়মান খেলুৱৈক সম্বৰ্ধনা প্ৰাক্তন পি.ডি.চি.কে ওৱেলফেয়াৰ ছ'চাইটিৰ

author img

By

Published : Mar 18, 2022, 9:59 PM IST

যোৱা ৭ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ গুৱাহাটীত অনুষ্ঠিত হৈছিল ৪৩ সংখ্যক অসম ৰাজ্যিক জুনিয়ৰ আৰু চিনিয়ৰ এথলেটিকছ প্রতিযোগিতা (43rd Assam State Junior and Senior Athletics Competition) । এই প্ৰতিযোগিতাত মুঠ ২০ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং জিলাৰ খেলুৱৈসকলে । খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰাক্তন পি.ডি.চি.কে ওৱেলফেয়াৰ ছ'চাইটিয়ে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে ।

Athletics Competition
উদীয়মান খেলুৱৈক সম্বৰ্ধনা

ডিফু,১৮ মাৰ্চ : কাৰ্বি আংলং জিলাৰ যুৱ খেলুৱৈসকলৰ আন এক সফলতা (Another success of young players from Karbi Anglong district) । এইবাৰ ৪৩ সংখ্যক অসম ৰাজ্যিক জুনিয়ৰ আৰু চিনিয়ৰ এথলেটিকছ প্রতিযোগিতাত (43rd Assam State Junior and Senior Athletics Competition) সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ল জিলাখনৰ খেলুৱৈসকলে ।

উদীয়মান খেলুৱৈক সম্বৰ্ধনা প্ৰাক্তন পি.ডি.চি.কে ওৱেলফেয়াৰ ছ'চাইটিৰ

প্ৰতিযোগিতাৰ কেইবাটাও শিতানত জিলাখনৰ খেলুৱৈসকলে ৬ টাকৈ সোণৰ পদক, ৭ টা ৰূপৰ আৰু ৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় (Karbi Anglong players won 20 medals in Athletics competition)। খেলুৱৈসকলৰ এই সফলতাক লৈ আনন্দিত কাৰ্বি আংলঙৰ ৰাইজ । কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই অনা উদীয়মান খেলুৱৈৰ দলটোক ব্যাপক আদৰণি জনোৱা হয় ।

খেলুৱৈসকলক প্রেৰণা আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যে ডিফু কাছা খেল পথাৰত প্ৰাক্তন পি.ডি.চি.কে ওৱেলফেয়াৰ ছ'চাইটিয়ে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে (Felicitation program of Ex PDCK Welfare Society)।

সম্বৰ্ধনা অনুষ্ঠাত জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, ডিফু প্ৰেছ ক্লাৱৰ সম্পাদক তথা ডিফু এথলেটিকছ একাডেমীৰ উপদেষ্টা জয়চিং টকবী আৰু প্ৰাক্তন পি.ডি.চি.কে ওৱেলফেয়াৰ ছ'চাইটিৰ উপদেষ্টা কংকাট টেৰণে খেলুৱৈসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দেৱজ্যোতি বৰাৰ লগতে চুহন প্ৰসাদ মাহাতু উপস্থিত থাকে ৷

লগতে পঢ়ক :ATPA Shield Football Tournament: ৩০ মাৰ্চৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত এটিপিএ ফুটবল

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.