ETV Bharat / state

ডকমকাত গঁড়ৰ খড়্গসহ পিতা-পুত্ৰক আটক

author img

By

Published : Mar 26, 2022, 5:03 PM IST

Rhino horn seized in Karbi Anglong
ডকমকাত গঁড়ৰ খড়্গসহ পিতা-পুত্ৰক আটক

গড়ৰ খড়্গৰ ব্যৱসায় কৰি আৰক্ষীৰ জালত পৰিল পিতা-পুত্ৰ ৷ 23 মাৰ্চত এটা খড়্গ উদ্ধাৰৰ পিছতে খড়্গ সৰবাৰহৰ অভিযোগত কাৰ্বি আংলং আৰক্ষীয়ে আটক কৰে পিতা-পুত্ৰক (father-son arrested for rhino horn smuggling)৷

ডিফু, 26 মাৰ্চ: কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ চিকাৰ বন্ধ কৰাৰ বাবে শেহতীয়াকৈ চৰকাৰে যথেষ্ট তৎপৰতা গ্ৰহণ কৰি আহিছে যদিও ইয়াৰ মাজতে একাংশ দুৰ্বৃত্তই গঁড়ৰ খড়্গৰ গোপন সৰবৰাহৰ বাবে প্ৰচেষ্টা চলাই অহা পৰিলক্ষিত হৈছে । কাৰ্বি আংলং জিলা আৰক্ষীয়ে অলপতে অভিযান চলাই এটা গঁড়ৰ খড়্গ জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰী জালত পেলাবলৈ সক্ষম হৈছে (father-son arrested for rhino horn smuggling)।

প্ৰাপ্ত তথ্য অনুসৰি, ৰোৱা 23 মাৰ্চত ডকমকা থানাৰ অন্তৰ্গত এক পৰিত্যক্ত এলেকাৰ পৰা আৰক্ষীয়ে এটা গঁড়ৰ খড়্গৰ লগতে কেতবোৰ নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল (Rhino horn seized in Assam) । পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত চলাই জিলাখনৰ ৰংমংৱে থানা এলেকাৰ কাট ইংতি গাঁৱৰ মদন চাহু আৰু জীতেন চাহু নামৰ দুই পিতা-পুত্ৰক আটক কৰে ।

আৰক্ষীৰ জেৰাত দুই পিতা-পুত্ৰই এয়া প্ৰকৃত গঁড়ৰ খড়্গ বুলি স্বীকাৰ কৰাৰ লগতে খড়্গটো বিক্ৰীৰ বাবে হাওৰাঘাট -ডকমকা এলেকাত কোনো লোকক দিবলৈ অনা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে । কাৰ্বি আংলং আৰক্ষীৰ উপ-অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত চলোৱা উক্ত অভিযানত ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি মালাকাৰ আৰু সহকাৰী উপ-পৰিদৰ্শক সুজীৱ বসুমতাৰীৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযানত অংশ লয় ।

লগতে পঢ়ক: গঁড় খেদিবলৈ গৈ মাজুলীত বন্দী হৈ আছে হৰি প্ৰসাদ আৰু লক্ষী প্ৰসাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.