ETV Bharat / state

Suspected drugs seized in Khatkhati: খটখটীত সন্দেহযুক্ত ড্ৰাগছসহ এজনক আটক

author img

By

Published : Mar 16, 2023, 1:28 PM IST

অসম-নাগালেণ্ড সীমান্তঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান (Police raid against drugs in Karbi Anglong) ৷ কাৰ্বি আংলঙৰ খটখটীত আৰক্ষীৰ অভিযানত আজি পুৱা সন্দেহযুক্ত ড্ৰাগছসহ এজন আটক ৷

Suspected drugs seized in Khatkhati
কাৰ্বি আংলঙৰ খটখটীত সন্দেহযুক্ত ড্ৰাগছসহ এজনক আটক

ডিফু, ১৬ মাৰ্চ: অসম-নাগালেণ্ড সীমান্তঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান (Police raid against drugs in Karbi Anglong) ৷ যোৱা ১২ মাৰ্চত খটখটীত আৰক্ষীৰ অভিযানত প্ৰায় ২৫ কোটি টকা মূল্যৰ মাৰাত্মক হেৰ'ইন উদ্ধাৰ হোৱাৰ পিছত আজি খটখটীত পুৱা পুনৰ সন্দেহযুক্ত ড্ৰাগছসহ এজনক আটক কৰে আৰক্ষীয়ে (Suspected drugs seized in Khatkhati) ৷

আজি পুৱা প্ৰায় ৬:৩০ মান বজাত কাৰ্বি আংলং জিলাৰ খটখটী থানাৰ অন্তৰ্গত গৌতম বস্তিত খটখটী থানাৰ অ'চি ৰমেন বৰদলৈ আৰু বোকাজান চি 20 চিআৰপিএফৰ সহকাৰী কামাণ্ডেণ্ট ৰবি গিলৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খটখটীত তালাচী চলায় ৷ তালাচীত এ এছ ০২ জি ৪৪৪৭ পঞ্জীয়ন নম্বৰৰ এখন চেভ্ৰলেট বাহনত পুংখানুপুংখ তালাচী চলোৱাৰ পিছত বাহনখনৰ পৰা মুঠ ৪৮ টা চাবোনৰ বাকচত অনা ৬২৫'৭৪ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Anti drugs mission in Assam) ৷

Drugs Seized at Khatkhati
খটখটীত সন্দেহযুক্ত ড্ৰাগছসহ এজনক আটক

সন্দেহযুক্ত হেৰ'ইনখিনি সৰবৰাহকাৰীয়ে কৌশলেৰে বাহনখনৰ দুৱাৰৰ পেনেলৰ ভিতৰত লুকুৱাই আনিছিল । উদ্ধাৰ হোৱা হেৰ'ইনখিনিৰ সৈতে আৰক্ষীয়ে তিনিচুকীয়াৰ ভদ্ৰ দহোটীয়া (৩২ বছৰ) নামৰ এজন ব্যক্তিকো আটক কৰিবলৈ সক্ষম হৈছে ৷ অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে (Drugs paddler arrested in Karbi Anglong ) ৷

বোকাজান মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত আৰু প্ৰত্যক্ষ নিৰীক্ষণত জব্দ কৰা হয় ড্ৰাগছখিনি । অসম-নাগালেণ্ড সীমান্তঞ্চলত ড্ৰাগছ সৰবৰাহকাৰীয়ে, ড্ৰাগছ সৰবৰাহৰ বাবে নিতৌ ন ন কৌশল অৱলম্বন কৰিছে যদিও কাৰ্বি আংলঙ আৰক্ষীৰ শেনদৃষ্টিয়ে সৰবৰাহকাৰীৰ প্ৰতিটো অপচেষ্টা ব্যৰ্থ কৰি আহিছে (Drugs seized at Khatkhati in Karbi Anglong) ৷

উল্লেখযোগ্য যে, ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান (Assam police drive against drugs) ৷ এই অভিযানত বিভিন্ন সময়ত আৰক্ষীয়ে বহু ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে বহু অপৰাধীকো ৷

লগতে পঢ়ক:Suspected Murder Case : কোকৰাঝাৰত নিৰুদ্দেশ মোমায়েক, ভাগিনীয়েকে হত্যাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.