Suspected Murder Case : কোকৰাঝাৰত নিৰুদ্দেশ মোমায়েক, ভাগিনীয়েকে হত্যাৰ সন্দেহ

author img

By

Published : Mar 16, 2023, 7:35 AM IST

Kokrajhar

কোকৰাঝাৰ জিলাৰ ঢোলমাৰা নয়াচৰাৰ চতুৰ্থ খণ্ডত এক চাঞ্চল্যকৰ তথা ৰহস্যজনক ঘটনা ৷ মোমায়েক-ভাগিনীয়েক সন্ধানহীন ৷ ভাগিনীয়েকে হত্যা কৰিলে নেকি মোমায়েকক ? সন্দেহ পৰিয়াল আৰু ৰাইজৰ ৷ আৰক্ষীৰ তদন্ত আৰম্ভ ৷ মোমায়েকৰ একাউণ্টৰ পৰা ৩৮ হাজাৰ অন্তৰ্ধান ৷ ৰহস্যজনক ঘটনাত উদ্বিগ্ন ঢোলমাৰাৰ ৰাইজ (Mysterious missing incident in Kokrajhar) ৷

কোকৰাঝাৰত নিৰুদ্দেশ মামা-ভাগিন

কোকৰাঝাৰ, ১৬ মাৰ্চ : কোকৰাঝাৰ জিলাৰ চালাকাটি আৰক্ষীচকীৰ অন্তৰ্গত ঢোলমাৰা নয়াচৰাৰ চতুৰ্থ খণ্ডত এক ৰহস্যজনক ঘটনা সংঘটিত হৈছে (Mysterious incident took place in Kokrajhar) । ঢোলমাৰা, বিলাসপুৰ নয়াচৰাৰ চতুৰ্থ খণ্ড নিবাসী খগেন বৰ্মন কেইদিনমান পূৰ্বে নিখোঁজ হয় (one missing from Kokrajhar) । পৰিয়ালৰ লোকে চালাকাটি আৰক্ষীচকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে নিয়মমাফিক তদন্ত আৰম্ভ কৰে । লক্ষণীয়ভাৱে গাঁওবাসী আৰু পৰিয়ালৰ লোকে খগেন বৰ্মনৰ নিৰুদ্দেশৰ আঁৰত তেওঁৰ ভাগিনীয়েক প্ৰকাশ বৰ্মন জড়িত আছে বুলি সন্দেহ কৰাৰ পিছতেই প্ৰকাশ বৰ্মনো নিৰুদ্দেশ হৈ পৰে ।

খগেন বৰ্মনৰ ভাতৃ আৰু গাঁওবাসীৰ একাংশই সংবাদ মাধ্যমৰ আগত খগেন বৰ্মনৰ সন্ধানহীনতাৰ আঁৰত ভাগিনীয়েক প্ৰকাশ বৰ্মনৰ হাত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে (Mysterious missing incident in Kokrajhar) । অতি নিৰ্জু , অমায়িক স্বভাৱৰ খগেন বৰ্মনৰ সতে কাৰো ব্যক্তিগত শত্ৰুতা নাছিল বুলি মন্তব্য কৰি ভাগিনীয়েক প্ৰকাশ বৰ্মনে তেওঁৰ নিজ মোমায়েক খগেন বৰ্মনক হত্যা কৰি মৃতদেহ লুকুৱাই থৈ নিজেও আত্মগোপন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । গাঁওবাসী তথা পৰিয়ালৰ মতে, খগেন বৰ্মন নিৰুদ্দেশৰ দিনা পুৱাতে ভাগিনীয়েকে মোমায়েকৰ কোঠাটো চাফা কৰা দেখা গৈছিল আৰু বিছনাখন এতিয়াও তিতা অৱস্থাত আছে (suspected murder case at salakati Kokrajhar) ।

তদুপৰি, নিৰুদ্দেশৰ পৰাই খগেন বৰ্মনৰ মোবাইল বন্ধ হৈ পৰে যদিও যোৱা ১৩ আৰু ১৪ মাৰ্চৰ দিন দুটাত এটিএমযোগে চাৰিবাৰ ধন উলিয়াইছে । খগেন বৰ্মনৰ এছবিআই একাউণ্টৰ পৰা ৯৫০০ টকাকৈ চাৰিবাৰ অৰ্থাৎ সৰ্বমুঠ ৩৮ হাজাৰ টকা কোনে এটিএমৰ পৰা কেনেকৈ উলিয়ালে তাকে লৈও ৰহস্য ঘনীভূত হৈছে । একেটা ঘৰতে থকা মোমায়েক খগেন বৰ্মনক হত্যা কৰি ভাগিনীয়েক প্ৰকাশ বৰ্মন পলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি গাঁওবাসীয়ে কয় যে বৰ্তমানলৈকে দুয়োজনৰে কোনো শুংসূত্ৰ নাই আৰু আৰক্ষীয়ে যিকোনো এজনৰ সম্ভেদ উলিয়াব পাৰিলেই সকলো ঘটনা পোহৰলৈ আহিব ।

উল্লেখ্য যে নিজ ভগ্নীক বিয়া দিয়াৰ পিছত ভনীয়েকৰ সংসাৰখন সুখৰ নোহোৱাত ভনীয়েকক আনি ককায়েকে নিজৰ ঘৰত ৰাখিছিল আৰু ভাগিনীয়েকজন মোমায়েকৰ ঘৰতে ডাঙৰ-দীঘল হৈ বাসুগাঁও কলেজত অধ্যায়নৰত আছিল । কিছুদিনৰ পৰা মাটি সন্দৰ্ভত মোমায়েক আৰু ভাগিনীয়েকৰ মাজত সামান্য কন্দল হৈছিল যদিও সেয়াও সমাধান হৈছিল বুলি জানিব পৰা গৈছে । যোৱা ১২ মাৰ্চত খগেন বৰ্মন সন্ধানহীন হোৱাৰ পিছত আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত নিয়মমাফিক তদন্ত আৰম্ভ কৰোঁতেই ভাগিনীয়েক প্ৰকাশ বৰ্মনো সন্ধানহীন হোৱাত গভীৰ ৰহস্যৰ সৃষ্টি হৈছে । অতি সোনকালেই সন্ধানহীন দুয়োজনৰে সন্ধান উলিয়াই ঘটনাৰ ৰহস্যৰ ওৰ পেলাবলৈ আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে এজাহাৰকাৰী ধজেন বৰ্মনে ।

লগতে পঢ়ক : Golaghat Police man suicide: গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ দেহৰক্ষী ৰাকেশ ৰয়ৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.