ETV Bharat / state

চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে ডিফু চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ

author img

By

Published : Jun 3, 2021, 11:04 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক তথা চিকিৎসাকৰ্মী সকলেও লংকাত চিকিৎসক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিকিৎসালয়খনৰ সকলো চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায় ৷

drs and health workers prottest at dmch
চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে ডিফু চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ

ডিফু, ৩ জুন: হোজাই জিলাৰ লংকাৰ এখন ক'ভিড হাস্পতালত এদল উন্মত্ত লোকে তাণ্ডৱ চলাই এগৰাকী কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ কৰি অতি গুৰুতৰভাৱে আহত কৰাৰ লগতে অনান্য চিকিৎসা কৰ্মীকো নিৰ্যাতন চলোৱা ঘটনাক কেন্দ্ৰকৰি ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক তথা চিকিৎসাকৰ্মী সকলেও বৃহস্পতিবাৰে উক্ত ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

চিকিৎসক নিগ্ৰহৰ বিৰুদ্ধে ডিফু চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ

চিকিৎসালয়ত চিকিৎসা সেৱাত ব্যস্ত থকাৰ মাজতে নাৰ্ছ আৰু চিকিৎসকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ ওপৰত চলোৱা এনে নিৰ্মম অত্যাচাৰৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিকিৎসালয়খনৰ সকলো চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায় ৷

কৰ’ণা মহামাৰীৰ দৰে সংকটৰ সময়ছোৱাতো অশেষ ত্যাগ স্বীকাৰ কৰি চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে চিকিৎসা সেৱা প্ৰদানৰ পাচতো এইসকল কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত নোহোৱাৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এইসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায় ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ 'স্বাস্থ্যখণ্ডত সঠিক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰক', 'আপোনাৰ জীৱনৰ ৰক্ষাকৰ্তাক ক্ষতি নকৰিব', 'চিকিৎসকৰ ওপৰত নিৰ্যাতন সহ্য কৰা নহ'ব', চিকিৎসকৰ ওপৰত নিৰ্যাতন বন্ধ কৰা হওক আদি শ্লগানেৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: ন’বেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীৰে ইটিভি ভাৰতৰ Exclusive সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.