ETV Bharat / state

RTI কৰ্মী মোহন ৰংপিক আক্ৰোশমূলকভাবে আটক কৰিছে চৰকাৰেঃ দেৱব্ৰত শইকীয়া

author img

By

Published : Jun 21, 2020, 7:01 PM IST

2013-14 চনৰ পৰাই কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদত‌ গড়কাপ্তানি, জলসিঞ্চন আদি বিভিন্ন বিভাগত অবাধ দুৰ্নীতি চলি আহিছে বুলি আৰ.টি.আই যোগেৰে তথ্যসহকাৰে প্ৰমাণ পোৱা গৈছে ।

RTI কৰ্মী মোহন ৰংপিক আক্ৰোশমূলকভাবে আটক কৰিছে চৰকাৰেঃ দেৱব্ৰত শইকীয়া
RTI কৰ্মী মোহন ৰংপিক আক্ৰোশমূলকভাবে আটক কৰিছে চৰকাৰেঃ দেৱব্ৰত শইকীয়া

গুৱাহাটী, 21 জুন : কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে আৰ.টি.আই কৰ্মী মোহন ৰংপিক আক্ৰোশমূলকভাৱে আটক কৰাৰ গুৰুতৰ অভিযোগ তুলিছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । দেওবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত বিৰোধী দলপতিগৰাকীয়ে কয় যে, 2013-14 চনৰ পৰাই কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদত‌ গড়কাপ্তানি, জলসিঞ্চন আদি বিভিন্ন বিভাগত অবাধ দুৰ্নীতি চলি আহিছে বুলি আৰ.টি.আই যোগেৰে তথ্যসহকাৰে প্ৰমাণ পোৱা গৈছে ।

RTI কৰ্মী মোহন ৰংপিক আক্ৰোশমূলকভাবে আটক কৰিছে চৰকাৰেঃ দেৱব্ৰত শইকীয়া

শইকীয়াই আৰু কয় যে, তেওঁ 2017 চনৰ 1 জুলাইত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অধীক্ষকক কাৰ্বি-আংলং জিলাত হৈ থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে পত্ৰ লিখি অভিযোগ দাখিল কৰিছিল । "এই অভিযোগৰ ওপৰত চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবে মই নিজেও 17 ছেপ্তেম্বৰ, 2019ত মুখ্যমন্ত্ৰী মহোদয়লৈ উক্ত অভিযোগসমূহৰ তদন্তৰ দাবী জনাই পত্ৰ প্ৰেৰণ কৰিছিলো । কিয়নো অসমখনক দুৰ্নীতি মুক্ত কৰি ৰখাটো আমাৰ সকলোৰে লক্ষ্য । কিন্তু এতিয়া দেখা গ'ল যে দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ বাবেই মোহন ৰংপিক চক্ৰান্তমূলকভাৱে গ্ৰেপ্তাৰ কৰিলে । এই কাৰ্য্যত বিজেপি নেতৃত্বাধীন অসম চৰকাৰ তথা বিজেপি শাসিত কাৰ্বি-আংলং স্থায়িত্বশাসিত পৰিষদৰ নেতাসকল জড়িত থকাটোকে প্ৰতিপন্ন কৰে । কিয়নো, ইয়াৰ আগতে ৰংপিয়ে মোক গুৱাহাটীত ব্যক্তিগতভাৱে লগ কৰোঁতেও কাৰ্বি-আংলং জিলাৰ দুৰ্নীতিসমূহৰ বিষয়ে তেওঁৰ হাতত থকা বিতং তথ্যৰ কথা উল্লেখ কৰিছিল । মই সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক অতি শীঘ্ৰে মোহন ৰংপিক মুকলি কৰি দিবৰ বাবে দাবী জনাইছোঁ আৰু কাৰ্বি-আংলং স্থায়িত্বশাসিত পৰিষদত হৈ থকা কেতবোৰ দুৰ্নীতিৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ ওপৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ ।"

লগতে পঢ়কঃ 3000 খ্ৰীষ্টপূৰ্বটো আছিল যোগৰ অস্তিত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.