ETV Bharat / state

Bakaliaghat firing: বকলিয়াঘাটত আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত

author img

By

Published : Jan 12, 2023, 5:39 PM IST

বকলিয়াঘাটত ডকাইতৰ দলৰ সৈতে বুধবাৰে নিশা আৰক্ষীৰ সংঘৰ্ষ ৷ সংঘৰ্ষত নিহত শ্বহিদুল ইছলাম নামৰ এটা দুৰ্ধৰ্ষ ডকাইত ৷ গোপন খবৰৰ ভিত্তিত ডকাইতৰ দলটোৰ বিৰুদ্ধে বকলিয়াঘাট আৰক্ষীয়ে চলাইছিল অভিযান ৷

Bakaliaghat firing
বকলিয়াঘাটত আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত

বকলিয়াঘাটত আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত

ডিফু, 12 জানুৱাৰী: বকলিয়াঘাটৰ বুধবাৰে নিশা ডকাইতৰ দল আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ(Bakaliaghat firing) ৷ সংঘৰ্ষত নিহত হয় দুৰ্ধৰ্ষ ডকাইত শ্বহিদুল ইছলাম ৷ বকলীয়াঘাট থানাৰ অন্তৰ্গত থেকেৰাজানত সংঘটিত হয় এই সংঘৰ্ষ(Dacoit killed in gunfight with police at Bakaliaghat) ৷

অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰ(Assam police encounter) ৷ বকলীয়াঘাট থানাৰ আৰক্ষীৰে নিশা প্ৰায় ডেৰ বজাত সংঘৰ্ষৰ সূত্ৰপাত হয় এটা ডকাইতৰ দলৰ ৷ উল্লেখ্য যে, বকলীয়াঘাট থানাৰ অন্তৰ্গত থেকেৰাজানত ডকাইতৰ এটা দল একত্ৰিত হোৱাৰ নিশ্চিত তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷

আৰক্ষীয়ে লাভ কৰা সেই তথ্যৰ ভিত্তিতে নিৰ্দিষ্ট স্থানত বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই ৷ অভিযানৰ সময়তে পথেৰে কেইবাজনো লোক আহি থকা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে ৰʼবলৈ নিৰ্দেশ দিয়ে যদিও দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত কিছুসময় ধৰি চলিল গুলীয়াগুলী(Shootout between dacoit and police) ৷

Bakaliaghat firing
নিহত ডকাইত শ্বহিদুল ইছলাম

পৰৱৰ্তী সময়ত আৰক্ষীয়ে সংঘৰ্ষস্থলীৰ এটা ডকাইতক আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ আনহাতে, দলটোৰ আন আন সদস্য আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ৷ সংঘৰ্ষস্থলীৰ পৰা আৰক্ষীয়ে এটা সক্ৰিয় গুলী, এটা পইণ্ট 22 পিষ্টল আৰু কেতবোৰ নথিপত্ৰ উদ্ধাৰ কৰে ৷

উল্লেখ্য যে, নিহত ডকাইতটো হোজাই জিলাৰ দেৱস্থানৰ শ্বহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে(Dacoit killed at Bakaliaghat) । নিহত ডকাইতটোৰ বিৰুদ্ধে কাৰ্বি আংলঙত দুটা গোচৰ থকাৰ লগতে নগাঁও আৰু হোজাই জিলাতো গোচৰ ৰুজু হৈ থকা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷

স্মৰ্তব্য যে, 2022বৰ্ষৰ 21 ডিচেম্বৰত ভাৰতীয় ষ্টেট বেংকৰ ডিফু শাখাৰ সন্মুখৰ পৰা দুৰ্বৃত্তই এজন গ্ৰাহকৰ 22লাখ টকা ভৰ্তি এটা বেগ লৈ পলায়নৰ চেষ্টা কৰে যদিও স্থানীয়লোকে তৎপৰতাৰে চোৰটোক কৰায়ত্ব কৰি লগে লগে আৰক্ষীক চমজাই দিয়ে । এই সন্দৰ্ভত ডিফু আৰক্ষীয়ে 129/22 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি চোৰটোক সোধপোছ আৰম্ভ কৰিছিল(Thief caught by Diphu Police) ৷ আৰক্ষীৰ জেৰাত ধৃত চোৰটোৱে নিজকে পশ্চিমবংগৰ জলপাইগুৰি ফটা পুকুৰৰ সাগৰ গোৱালা বুলি স্বীকাৰ কৰে ।

লগতে, এই চুৰিকাণ্ডত ৰাকেশ সিং নামৰ আন এটা অপৰাধীও জড়িত থকা বুলি ধৃত চোৰটোৱে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল । সেই অনুসৰি ধৃত চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আনটো অপৰাধীক আটক কৰাৰ বাবে অভিযান চলোৱাৰ সময়তে চোৰটোৱে আৰক্ষীৰ বেষ্টনি ভাঙি পলায়নৰ চেষ্টা কৰোঁতেই ভৰিত গুলি লাগি আহত হৈছিল চোৰটো ৷

লগতে পঢ়ক: Protest in Kokrajhar : পৃথক বড়োলেণ্ডৰ দাবীত কোকৰাঝাৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.