ETV Bharat / state

ডিলাইত আৰক্ষীৰ জালত চোৰাং গৰুসহ চাৰি গভাইত চোৰ

author img

By

Published : Jun 6, 2021, 9:30 PM IST

cow smuggler arrest
ডিলাইত গৰু চোৰ আটক

দেওবাৰে ডিফুৰ ডিলাইত তিনিটা চুৰি গৰুসহ চাৰিটাকৈ গভাইত চোৰক আটক আৰক্ষীৰ ৷ ডিলাইৰ দহ মাইলত অভিযান চলাই A-AS-12-E-0784 নম্বৰৰ এখন টাটা ডি আই বাহনৰ পৰা গৰু তিনিটা জব্দ কৰাৰ লগতে চোৰ কেইটাক আটক কৰে ডিলাই আৰক্ষীয়ে ৷

ডিফু,6 জুন : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা ধাৰাবাহিক অভিযানৰ মাজতে সৰৱ হৈ পৰিছে গৰু চুৰিচক্ৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে ডিফুৰ ডিলাইত আৰক্ষীয়ে অভিযান চলাই তিনিটা চুৰি গৰুসহ চাৰিটাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ এক গোপন তথ্যৰ ভিত্তিত পুৱাৰ ভাগত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এক দলে আটক কৰে গৰু চোৰ কেইটাক ৷ ডিলাইৰ দহ মাইলত অভিযান চলাই A-AS-12-E-0784 নম্বৰৰ এখন টাটা ডিআই বাহনৰ পৰা গৰু তিনিটা জব্দ কৰে ডিলাই আৰক্ষীয়ে ৷

cow seized in dilai
ডিলাইত চোৰাং গৰু জব্দ

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, গৰু চোৰৰ এটা দলে বোকাজান থানাৰ অন্তৰ্গত জপৰাজান টিং বস্তি আৰু পাটৰ গাঁৱৰ পৰা গৰু কেইটা চুৰি কৰিছিল ৷ ডিলাই থানাত উপস্থিত হৈ উদ্ধাৰ হোৱা গৰু কেইটাৰ গৰাকীয়ে নিজৰ নিজৰ পশুধনক চিনাক্ত কৰিবলৈ সক্ষম হয় ৷

গৰু চুৰিকাণ্ডৰ সৈতে জড়িত গভাইত চোৰকেইটা ক্ৰমে- ডিলাই দহ মাইলৰ খনছিং টেৰণ (36), মাঞ্জা থানাৰ অন্তৰ্গত ডিমাছা ৰংফাৰ গাঁৱৰ খৰছিং তেৰাং (35), ডিলাই চাৰিমাইলৰ ৰবিন্দ্ৰ টকবী (29) আৰু গোলাঘাট জিলাৰ কমাৰগাঁৱৰ চুংগী হোলাৰ ৰাজীৱ গগৈ (35৫) বুলি চিনাক্ত কৰা হৈছে ৷ জব্দকৃত গৰু তিনিটা চোৰকেইটাই ডিমাপুৰৰ ফালে বিক্ৰী কৰাৰ বাবে পৰিকল্পনা কৰা বুলি আৰক্ষীয়ে সদৰি কৰে ৷

লগতে পঢ়ক : বোকাজানত ৰে’লৰ চেইন টানি পলায়নৰ চেষ্টা যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.