ETV Bharat / state

Jafrin Mehzabin press meet : আপ কেৱল দিল্লীৰ এটা দল: বিজেপি

author img

By

Published : Dec 8, 2022, 8:57 PM IST

গুজৰাটত নিৰ্বাচনী বিজয়ৰ পিছতে আজি বিজেপি দলে একপ্ৰকাৰ সমগ্ৰ দেশতে বিজয় উৎসৱ পাতিছে ৷ বৃহস্পতিবাৰে বিজেপি দলৰ ৰাজ্যিক মুখপাত্ৰ ডাঃ জাফ্ৰীন মেহজাবিনে (BJP media panellist Jafrin Mehzabin ) ডিফুত এক সংবাদমেল সম্বোধন কৰি এই বিজয়ক ঐতিহাসিক বিজয় আখ্যা দিয়ে ৷

BJP media panellist Jafrin Mehzabin hold press meet on Gujarat victory
Jafrin Mehzabin press meet : গুজৰাটৰ বিজয়ক লৈ বিজেপি নেত্ৰী জাফ্ৰীন মেহজাবিনৰ সংবাদমেল

ডিফু, 8 ডিচেম্বৰ: গুজৰাটত চলিল মোডী মেজিক (Gujarat Assembly polls 2022) ৷ বিজেপিয়ে গুজৰাটত বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি 156 খন আসনত জয়লাভ কৰিছে (Jafrin Mehzabin hold press meet on Gujarat victory)৷ গুজৰাটত নিৰ্বাচনী বিজয়ৰ পিছতে আজি বিজেপি দলে একপ্ৰকাৰ সমগ্ৰ দেশতে বিজয় উৎসৱ পাতিছে ৷

বৃহস্পতিবাৰে বিজেপি দলৰ ৰাজ্যিক মুখপাত্ৰ ডাঃ জাফ্ৰীন মেহজাবিনে (BJP media panellist Jafrin Mehzabin ) ডিফুত এক সংবাদমেল সম্বোধন কৰি এই বিজয়ক ঐতিহাসিক বিজয় আখ্যা দিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিকাশ ৰাজনীতিক দেশৰ জনতাই সন্মান আৰু আদৰ কৰে ৷ অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে (Delhi CM Arvind Kejriwal) বিজেপিক প্ৰত্যাহ্বান জনাব বুলি কোৱা হৈছিল যদিও আপ বহু যোজন দূৰৈত থাকিল ৷

Jafrin Mehzabin press meet : গুজৰাটৰ বিজয়ক লৈ বিজেপি নেত্ৰী জাফ্ৰীন মেহজাবিনৰ সংবাদমেল

লগতে তেওঁ কয় যে বিজেপিয়ে বিধায়ক কিনিব নালাগে, বিজেপিলৈহে সকলো আহিবলৈ বিচাৰি থাকে ৷ আনকি এতিয়া বিজেপিত ইমানেই লোকে যোগদান কৰিছে যে ইয়াৰ ফলত বহুতক দায়িত্ব দিবলৈ স্থান নোহোৱা হৈছে ৷ নিৰ্দলীয় বিধায়কজনেও নিৰ্বাচন খেলিলে বহুত অংক কৰি খেলে ৷ যাতে তেওঁলোকে বিজয় লাভ কৰিলেই বিজেপিলৈ আহিব পাৰে ৷ বিজেপিলৈ আহিম বুলি তেওঁলোক মনৰে সাজু হৈ থাকে ৷

তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সমালোচনা কৰি কয় যে দিল্লী পৌৰ নিগম নিৰ্বাচনত জয়ী হোৱাটো সাধাৰণ কথা ৷ গুজৰাট, হিমাচলত আপৰ অৱস্থা দেখিলেই বুজিব পাৰি দেশৰ জনতাই আপক প্ৰত্যাখ্যান কৰিছে ৷ আপ কেৱল দিল্লীৰ এটা দল ৷ আপ কেতিয়াও বিজেপিৰ বাবে প্ৰত্যাহ্বান হ’ব নোৱাৰে ৷ আজিৰ গুজৰাটৰ নিৰ্বাচনী ফলাফলে এটা কথা পুনৰ প্ৰতিপন্ন কৰিলে যে দেশৰ জনতাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Narendra Modi) ওপৰত অগাধ বিশ্বাস আছে ৷ ২০২৪ ত পুনৰ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত চৰকাৰ হ’ব ৷

আনহাতে বিজেপি নেত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা সাংঘাতিক ৷ দিল্লীৰ নিৰ্বাচনী প্ৰচাৰত ৮2 বছৰীয়া বৃদ্ধাই মুখ্যমন্ত্ৰীক চাবলৈ ফুটপাথত বহি আছিল ৷

লগতে পঢ়ক: Gujarat poll results: গুজৰাটত বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.