Recruitment Scam in KAAC: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগত নিযুক্তি কেলেংকাৰী

author img

By

Published : Jan 12, 2023, 9:45 PM IST

Recruitment Scam in KAAC

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত বিয়োগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ মাষ্টাৰ ৰোল, কেজুৱেল আৰু ফৰেষ্ট গাৰ্ড পদৰ নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত হৈছে এই অনিয়ম (Recruitment Scam in KAAC)৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বনবিভাগত নিযুক্তি কেলেংকাৰী

ডিফু, ১২ জানুৱাৰী : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগত বিয়াগোম নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে ৷ এই নিযুক্তি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে প্ৰাক্তন এছপিচিচিএফ অভিজিৎ ৰাভা, বনকৰ্মী সাধনা তিমুংপী আৰু এলড্ৰিন পাটৰ নামৰ এগৰাকী ব্যক্তিৰ ৷ মাষ্টাৰ ৰোল, কেজুৱেল আৰু ফৰেষ্ট গাৰ্ড পদৰ নিযুক্তিৰ ক্ষেত্ৰত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে কাৰ্বি আংলং টেৰিট’ৰিয়েল ছচিয়েল চিকিউৰিটি এছ’চিয়েচন চমুকৈ কাটছা নামৰ সংগঠনটোৱে ৷ (Karbi Anglong Territorial Social Security Association)

সংগঠনটোৰ সভাপতি ছেমছন ইংতিৰ নেতৃত্বত বৃহস্পতিবাৰে কাৰ্বি আংলং বন বিভাগৰ মুখ্য বন সংৰক্ষক এছ এছ ৰাওৰ কাৰ্যালয়ত প্ৰতাৰিত চাকৰি প্ৰাৰ্থী আৰু পৰিয়ালৰ সদস্যসকলে উপস্থিত হৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ কাটছাৰ সভাপতি ছেমছন ইংতিয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে ২০২১ চনৰ ২৯ জুনত জিলা মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ পৰা এম আৰ, কেজুৱেল আৰু ফৰেষ্ট গাৰ্ড পদৰ বাবে মুঠ ১৬৩ গৰাকী চাকৰি প্ৰাৰ্থীক দুয়োখন পাৰ্বত্য জিলাৰ বিভিন্ন স্থানত নিযুক্তি প্ৰদান কৰা হৈছিল (KAAC forest department recruitment)৷

চাকৰি প্ৰাৰ্থীসকলে নিজ নিজ কৰ্মস্থলীত যোগদান কৰিবলৈ গৈ এই নিযুক্তিপত্ৰ ভুৱা বুলি জানিব পাৰে ৷ ইয়াৰ পিচতেই হাহাকাৰ লাগে এই ১৬৩ গৰাকী নিবনুৱা যুৱক-যুৱতীৰ মাজত ৷ কাৰণ নিযুক্তি পোৱা প্ৰতিগৰাকী চাকৰি প্ৰাৰ্থীয়েই ডেৰলাখ, দুই লাখ আৰু তিনি লাখ টকাকৈ মধ্যভোগীক প্ৰদান কৰিছিল ৷ এই প্ৰাৰ্থীসকলৰ পৰা ধন সংগ্ৰহ কৰা মধ্যভোগী কেইগৰাকীৰ নাম চাকৰি প্ৰাৰ্থীসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ ইয়াৰে মূল অভিযুক্তৰূপে এলড্ৰিণ পাটৰ নামৰ লোকজনক চিহ্নিত কৰিছে ৷

উল্লেখ্য যে এই এলড্ৰিণ পাটৰে বিগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ধনশিৰি পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় হিচাবে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল ৷ আনহাতে সাধনা তিমুংপী নামৰ এগৰাকী ফৰেষ্টাৰৰ বিৰুদ্ধেও ডেৰলাখ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ছেমছন ইংতিয়ে কয় যে, প্ৰাক্তন মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ কাৰ্যালয়ত এই নিয়োগ কেলেংকাৰী সংঘটিত হৈছে আৰু ইয়াৰ তদন্তৰ বাবে স্মাৰকপত্ৰ অভিজিৎ ৰাভাৰ(Former forest officer Abhijit Rabha) লগতে বৰ্তমানৰ মুখ্য বন সংৰক্ষক এছ এছ ৰাওকো প্ৰদান কৰা হৈছে ৷

ইপিনে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য বন সংৰক্ষক এছ এছ ৰাওৱে কয় যে, পূৰ্বেও এইসকল প্ৰতাৰিত চাকৰি প্ৰাৰ্থী তেওঁৰ কাষলৈ আহিছিল ৷ এই নিয়োগপত্ৰসমূহ অবৈধ আৰু ভিত্তিহীন বুলি উল্লেখ কৰিও পিচিচিএফ কাৰ্যালয়ৰ পৰা এই নিয়োগপত্ৰসমূহ প্ৰদান কৰা হৈছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

পিচিচিএফ ৰাওৱে কাৰ্বি আংলং জিলাত চাকৰি নিযুক্তিৰ ক্ষেত্ৰত পৰিষদ কৰ্তৃত্বশীল বুলি মন্তব্য কৰি পৰিষদ এই নিয়োগ সন্দৰ্ভত অৱগত নাছিল বুলি জানিবলৈ দি বৰ্তমান এই অবৈধ নিযুক্তিৰ তদন্ত চলি থকা বুলি তেওঁ প্ৰকাশ কৰে ৷ এই তদন্তৰ অন্তৰালৰ সকলো তথ্য পোহৰলৈ আহিব বুলিও ৰাওৱে মন্তব্য কৰে ৷

উল্লেখনীয় যে, আওপকীয়াকৈ এই অবৈধ নিযুক্তি মানি লৈ নতুনকৈ গঠন হোৱা পশ্চিম কাৰ্বি আংলং জিলাত নিযুক্তিৰ ক্ষেত্ৰত অবৈধ নিযুক্তি লাভ(Scam in Karbi Anglong) কৰা প্ৰতাৰিত যুৱক-যুৱতীসকলক চাকৰিত মকৰল কৰিব পাৰে নেকি সেই সন্দৰ্ভত তেওঁৰ কাৰ্যালয় আৰু পৰিষদে বিবেচনা কৰি থকা বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷

কেইবা কোটি টকাৰ এই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত পিচিচিএফ কাৰ্যালয় আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ(Karbi Anglong Autonomous Council) হোৱাৰ পিচতো আজি পৰ্যন্ত ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত নোহোৱা আৰু এই কেলেংকাৰীত জড়িত ব্যক্তিৰ তথ্য পোহৰলৈ অহাৰ পিছতো পৰিষদ অথবে পিচিচিএফ কাৰ্যালয় আৰক্ষীৰ কাষ নচপাটো লক্ষ্যণীয় ৷ এই ক্ষেত্ৰত প্ৰতাৰিত যুৱক-যুৱতীসকলে মধ্যভোগীৰ জৰিয়তে নিজৰ পৰিয়ালৰ কষ্টোপাৰ্জিত ধনসমূহ ঘূৰাই পাবনে অথবা তেওঁলোকে ন্যায় লাভ কৰিবলৈ সক্ষম হ’বনে নহয় সেইটো তেওঁলোকে প্ৰশ্ন কৰে ৷

লগতে পঢ়ক: CNG Bus in Guwahati : মুখ্যমন্ত্ৰীৰ বাহন ঠিকেই চলি আছে, CNG বাছহে চলা নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.