ETV Bharat / state

CNG Bus in Guwahati : মুখ্যমন্ত্ৰীৰ বাহন ঠিকেই চলি আছে, CNG বাছহে চলা নাই

author img

By

Published : Jan 12, 2023, 7:29 PM IST

CNG Bus in Guwahati
মহানগৰীত বিকল ইখনৰ পিচত সিখন CNG বাছ

মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁ ব্যৱহাৰ কৰা গাড়ীখনৰ সৈতে নতুনকৈ গুৱাহাটীত মুকলি কৰৈ CNG বাছসমূহৰ কোনো পাৰ্থক্য নাই ৷ মুকলিৰ কিছুদিনৰ পাচতেই দেখা গ’ল যে, মুখ্য়মন্ত্ৰী ড৹ শৰ্মাৰ গাড়ী সুকলমে চলি আছে যদিও CNG বাছসমূহৰ অৱস্থা বেয়া (Guwahati CNG bus)৷ যাত্ৰাপথতেই বন্ধ হৈ হৈ যায় বাছসমূহ ৷ মাজে-সময়ে ক্ৰেনেৰে টানি নিবলগীয়াও হৈছে বাছসমূহ ৷

মহানগৰীত বিকল ইখনৰ পিচত সিখন CNG বাছ

গুৱাহাটী, ১২ জানুৱাৰী : ‘‘মই যিখন গাড়ীত উঠি ইয়ালৈ আহিছোঁ, সেইখন গাড়ী আৰু এই বাছখনৰ মাজত কোনো পাৰ্থক্যই পোৱা নাই’’- এই ভাষ্য আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বছৰৰ প্ৰথমটো দিনতে মহা আয়োজনৰ মাজেৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত CNG বাছ(Guwahati CNG bus) অৰ্থাৎ সংকুচিত প্ৰাকৃতিক গেছ চালিত বাছ মুকলি কৰি কৰিছিল এই মন্তব্য ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ মতে তেওঁ ব্যৱহাৰ কৰি থকা KIA Carnival গাড়ীখন আৰু গুৱাহাটীত উদ্বোধন কৰা CNG বাছসমূহৰ মাজত নাই কোনো পাৰ্থক্য ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে পাৰ্থক্য বিচাৰি পাওকেই বা নাপাওক, উদ্বোধনৰ এপষেক নহওতেই জলজল-পটপট হৈ পৰিল পাৰ্থক্য ৷ মুখ্যমন্ত্ৰীৰ KIA Carnival সুকলমে চলি আছে, কিন্তু যাত্ৰাৰ আদবাটতে বন্ধ হৈ হৈ যাবলৈ লৈছে প্ৰাকৃতিক গেছচালিত চিটি বাছসমূহ (Compressed Natural Gas Bus)৷

চিটিবাছ সেৱাত সাংঘাতিক পৰিৱৰ্তন সাধি অপেক্ষাৰ অন্ত পেলোৱাৰ দৰে CNG বাছসমূহ মুকলি কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma inaugurates CNG bus service) ৷ সেই দিনটো আছিল 1 জানুৱাৰী, 2023 ৷ মুকলি অনুষ্ঠানো আছিল আড়ম্বৰপূৰ্ণ ৷ প্ৰদূষণমুক্ত গুৱাহাটীৰ সপোন দেখুৱাই সেউজীয়া পতাকা উৰুৱাই CNG বাছসেৱা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকী হৈ পৰিছিল চিটি বাছৰ যাত্ৰী ৷ বাছত উঠিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে অনুভৱ কৰিলে যে তেওঁ ব্যৱহাৰ কৰা বিলাসী বাহন KIA Carnival আৰু CNG বাছসমূহৰ মাজত কোনোধৰণৰ পাৰ্থক্যই নাই (Himanta Biswa Sarma comments on CNG Bus)৷

কিন্তু পাৰ্থক্য ওলাবলৈ আৰম্ভ কৰিলে কেইদিনমানৰ পাছতেই ৷ ৰাজকোষৰ কেইবা কোটি টকা ব্যয় কৰি ক্ৰয় কৰা ১০০ খন অত্যাধুনিক CNG বাছ নচলা হৈছে ইখনৰ পিছত সিখন ৷ বন্ধ হৈ হৈ যায় বাছৰ ইঞ্জিন ৷ তথ্য অনুসৰি, জানুৱাৰী মাহৰ ৬ তাৰিখে সৰুসজাইত AS 20 2382 নম্বৰৰ CNG বাছখনৰ টেংকত গেছভৰ্তি নোহোৱাৰ ফলত বিকল হয় ৷ আনহাতে ৯ জানুৱাৰীত AS 20 2341 নম্বৰ বাছখন চালকে ষ্টাৰ্ট কৰিবই নোৱাৰিলে ৷

ইয়াৰোপৰি কিছুদিন আগতে লখৰাত এখন CNG বাছ ক্ৰেন লগাই টানি নি থকা দেখা গৈছিল । বৃহস্পতিবাৰেও দেখা গ’ল অনুৰূপ দৃশ্য ৷ ছয়মাইল উৰণীয়া সেঁতুৰ ওপৰতে AS 20 2339 নম্বৰৰ বাছখন বিকল হৈ পৰে । বাছখনৰ চালকগৰাকীযে জনোৱা অনুসৰি চলন্ত অৱস্থাতে বাছখন বন্ধ হৈ যায় ৷ ফলত উৰণীয়া সেঁতুৰ ওপৰতে আবদ্ধ হৈ পৰে বাছখন (Guwahati CNG bus problem)৷

অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে- ইয়াৰ পাছত হয়তো আৰু সুযোগ লাভ নকৰিব পৰিবহন নিগমে ৷ কিয়নো কেলঢোপ কেলঢোপ কৰি থকা পৰিবহন নিগমক এই বাছসমূহৰ জৰিয়তেই শেষ সুযোগ দিছিল চৰকাৰে ৷ এপইচাও নোলোৱাকৈ পৰিবহন নিগমক 100 খন CNG বাছ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিবহন বিভাগটো সলনি কৰাৰ আহ্বান জনাই কৈছিল যে এয়াই শেষ সুযোগ ৷

লগতে পঢ়ক: CNG bus in Guwahati: মহানগৰীত ১০০ খন CNG চালিত বাছ সেৱা মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.