ETV Bharat / state

বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

author img

By

Published : Feb 5, 2021, 8:08 PM IST

কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ ৰাজপথত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি । শুকুৰবাৰে মূল্যবৃদ্ধি ৰোধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বকলীয়াঘাট আঞ্চলিক সমিতিয়ে 'প্ৰতিকৃতি দাহ' কাৰ্যসূচী ৰূপায়ণ কৰে ।

বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ
বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

ডিফু, ৫ ফেব্ৰুৱাৰী: শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি 'প্ৰতিকৃতি দাহ' কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অত্যাৱশকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ বকলীয়াঘাট আঞ্চলিক সমিতিয়ে ।

বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ
বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ মূল চাৰিআলিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ।

বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ
বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰী সকলে । নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৰ কৰ্মকৰ্তা সকলে ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মা হতাশাত ভূগিছে: বিধায়ক ড৹ ৰফিকুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.