ETV Bharat / state

CAA বিৰোধিতাৰে ডিফুত ক'লা দিৱস পালন আছুৰ

author img

By

Published : Dec 12, 2021, 8:23 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ ডিফু আঞ্চলিকে কা' বিৰোধীতাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী(Aasu Protest against CAA) ৷ ডিফু ছেমচনছিং ইংতি সোঁৱৰণি উদ্যানত ক'লা পতাকা উৰুৱাই কা' প্ৰত্যাহাৰ দাবী উত্থাপন কৰে আছুৰ ডিফু আঞ্চলিকে ৷

CAA বিৰোধিতাৰে ডিফুত ক'লা দিৱস পালন আছুৰ
CAA বিৰোধিতাৰে ডিফুত ক'লা দিৱস পালন আছুৰ

ডিফু, ১১ ডিচেম্বৰ : উত্তৰ-পূৱ ছাত্ৰ সংগঠন নেছ'ৰ আহ্বান মৰ্মে সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন 2019 (Citizenship Amendment Act, 2019) বিৰোধিতাৰে ক'লা দিৱস পালন কৰে(AASU observes black day) ৷ সেই অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ ডিফু আঞ্চলিকে কা' বিৰোধীতাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী(Aasu Protest against CAA) ৷ ডিফু ছেমচনছিং ইংতি সোঁৱৰণি উদ্যানত ক'লা পতাকা উৰুৱাই কা' প্ৰত্যাহাৰ দাবী উত্থাপন কৰে আছুৰ ডিফু আঞ্চলিকে ৷

CAA বিৰোধিতাৰে ডিফুত ক'লা দিৱস পালন আছুৰ

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আছুৰ ডিফু আঞ্চলিকৰ সভাপতি দিপজ্যোতি মালিয়ে কয়, নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰোধিতাৰে ক'লা দিৱস হিচাপে পালন কৰাৰ লগতে এই আইন প্ৰত্যাহাৰ নোহোৱালৈকে ক্ষান্ত নহয় আছু ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত ডিফু আঞ্চলিকৰ কুৰিৰো অধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, ডিফু ছেমচনছিং ইংতি সোঁৱৰণি উদ্যানত আঁৰি দিয়া ক'লা পতাকা সমূহ পৰৱৰ্তী সময়ত ডিফু থানাৰ আৰক্ষীয়ে লৈ যায় ৷

লগতে পঢ়ক : নলবাৰীত আছুৰ ক'লা পতাকা ; টিংখাঙত ধৰ্মঘট কাৰ্যসূচীৰে কা' প্ৰত্যাহাৰৰ দাবী তুলিলে অজাপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.