ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ গুলীত ড্ৰাগছ সৰবৰাহকাৰী গুলীবিদ্ধ

author img

By

Published : Aug 5, 2021, 9:32 AM IST

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত গুলীচালনা ৷ ড্ৰাগছ সৰবৰাহকাৰীলৈ ধনশিৰি আৰক্ষীয়ে গুলীচালনা ৷ আৰক্ষীৰ গুলীত আহত হয় আফতাব হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ৷

drugs paddler injured by police bullet at dhansiri
অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীয়ে গুলীচালনা

ডিফু,5 আগষ্ট: ৰাজ্যত অব্যাহত আছে সান্ধ্য আইন ৷ ইয়াৰ মাজতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা ৷ এই গুলীচালনা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ উত্তেজনাই ৷

বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত অপৰাধীলৈ আৰক্ষীৰ এনকাউন্টাৰৰ ঘটনাই চৰ্চা লাভ কৰাৰ মাজতে বুধবাৰে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷ আটকাধীন এজন ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰোতেই আৰক্ষীয়ে অপৰাধীজনলৈ লক্ষ্য কৰি গুলীয়াবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলীত গুৰুত্বৰ ভাৱে আহত হয় আফতাব হুছেইন নামৰ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজন

drugs paddler injured by police bullet at dhansiri
আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

পৰৱৰ্তী সময়ত আৰক্ষীৰ গুলীত আঘাত প্ৰাপ্ত ড্ৰাগছ সৰবৰাহকাৰীজনক ভৰ্তি কৰোৱা হয় ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৷

অসমক ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) ৷ ইতিমধ্যে ড্ৰাগছ (Drugs) তথা সকলো নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী(Assam Police)ক নিৰ্দেশ দিছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে যোৱা কেইটা মাহত সমগ্ৰ অসমতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সস্তম হৈ পৰিছে অসম আৰক্ষী ।

অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীয়ে গুলীচালনা

লগতে পঢ়ক: যোৰহাটত দিন দুপৰতে চোৰে থপিয়ালে ধনৰ মোনা

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে কাৰ্বি আংলং জিলাৰ ধনশিৰি আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই এএছ ০৭ ডি ০০০৭ নম্বৰৰ ক'লা ৰঙৰ স্কৰপিঅ' এখনত তালাচী অভিযান চলাইছিল ৷ বাহনখনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷

ইয়াৰ উপৰিও জব্দকৃত নিষিদ্ধ হেৰইন খিনিৰ সৰবৰাহৰ লগত জড়িত আফতাব হুছেইন আৰু ছবিৰ হুছেইন নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ধনশিৰি আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক লৈ আৰক্ষীয়ে ডিমাপুৰতো অভিযান চলাইছিল ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাক ইতিমধ্যে চাৰিদিনৰ বাবে নিজৰ জিম্মাত লৈছে ৷

ইফালে বুধবাৰে পুনৰ ডিমাপুৰত অভিযান চলাবলৈ নি থকা অৱস্থাতে ৰাঙা পাহাৰৰ কোনো এখন ঠাইত আফতাব হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয় ৷ ফলত আৰক্ষীৰ গুলীত ভৰিত আঘাতপ্ৰাপ্ত হয় আফতাব হুছেইন নামৰ সৰবৰাহকাৰীটো ৷ এই গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি নিশাই অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷

লগতে পঢ়ক: বন বিভাগৰ জালত বনৰৌৰ বাকলি সহ এটা চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.