ETV Bharat / state

স্বাস্থ্য বিভাগৰ 23 গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি কৰ্তন

author img

By

Published : Aug 9, 2021, 12:31 PM IST

4th grade employess of dmch press
স্বাস্থ্য বিভাগৰ 23 গৰাকী ঠিকাভিত্তক কৰ্মচাৰীৰ চাকৰি কৰ্তন

ডিফু চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মহীন হৈ পৰা ঠিকাভিত্তিক কৰ্মচাৰীৰ সংবাদমেল সম্বোধন ৷ চাকৰিৰ নিয়মীয়াকৰণ নকৰিলে অনশনত বহাৰ হুংকাৰ প্ৰদান ভুক্তভোগীৰ ৷

ডিফু, 9 আগষ্ট : হঠাৎ চাকৰি কৰ্তন হ’ল অসম চৰকাৰৰ অধীনষ্ঠ স্বাস্থ্য বিভাগৰ ২৩ গৰাকীকৈ ঠিকাভিত্তিক কৰ্মচাৰীৰ ৷ অকস্মাৎ চাকৰি হেৰুৱাই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে স্বাস্থ্য বিভাগৰ ২৩ গৰাকী কৰ্মচাৰীৰ মাজত ৷ ঘটনাৰ স্থান ডিফু মেডিকেল কলেজ হাস্পতাল ৷ এটা বছৰতে এক লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা অসম চৰকাৰৰ অধীনষ্ঠ ২৩ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ হঠাৎ চাকৰি কৰ্তন কৰাত বিপাঙত পৰিছে কৰ্মচাৰীসকল ৷

উল্লেখ্য যে, বিগত সময়ছোৱাত ৪ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত স্বাস্থ্য বিভাগত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল চাকৰি কৰ্তন হোৱা 23 গৰাকী কৰ্মচাৰীয়ে ৷ হঠাৎ চাকৰি কৰ্তন হোৱাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালকেইটাৰ মাজত ৷ এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে কৰ্মহীন হোৱা কৰ্মচাৰীসকলে ৷ অন্যথা আন্দোলনৰ পথ বাচি ল’বলৈ কুণ্ঠাবোধ নকৰে বুলি হুংকাৰ প্ৰদান কৰে চাকৰি কৰ্তন হোৱা কৰ্মচাৰীসকলে ৷

লগতে পঢ়ক: বিজনীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

দেওবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা সদৰী কৰে ভুক্তভোগীসকলে ৷ ইফালে এইক্ষেত্ৰত বঞ্চিত কৰ্মচাৰীসকলে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ভূমিকাকলৈও অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ বঞ্চিত কৰ্মচাৰীসকলৰ অভিযোগ, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীৰ বাবেই ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্মহীন হ’বলগীয়া হৈছে ৷

অভিযোগ অনুসৰি, পূৰ্বে ডিফু অসামৰিক চিকিৎসালয়ত কৰ্মৰত বঞ্চিত কৰ্মচাৰীসকলক ডিফু চিকিৎসা মহাবিদ্যালয়ত স্থায়ী পদৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ কিন্তু কাৰ্যবাহী সদস্যগৰাকীৰ প্ৰতিশ্ৰুতি অসাৰ পৰিণত হ'ল ৷ অৱশেষত সেইসকল কৰ্মচাৰীক কৰ্মহীন কৰি তেওঁলোকৰ ঠাইত আন জিলাৰ লোককহে নিযুক্তি প্ৰদান কৰা হ'ল ৷

এই লৈ সম্প্ৰতি চাকৰি হেৰুওৱা কৰ্মচাৰীসকলে বিভাগীয় কাৰ্যবাহী সদস্যগৰাকীক সাক্ষাৎ কৰাত তেওঁ বিষয় সন্দৰ্ভত অপৰাগতা প্ৰকাশ কৰে ৷ সেয়ে অতি শীঘ্ৰে কৰ্মৰ পৰা বঞ্চিত কৰ্মচাৰীসকলে চাকৰিৰ নিয়মীয়াকৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ অন্যথা তেওঁলোকে পৰৱৰ্তী সময়ত প্ৰতিবাদী কাৰ্যসূচী হিচাপে অনশনত বহিব ৷

লগতে পঢ়ক: হাগ্ৰামাই NIA ৰ ভয়ত বিজেপিৰ কাষ চাপিছে : গোবিন্দ বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.