ETV Bharat / state

বিজনীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Aug 9, 2021, 10:56 AM IST

বিজনীত আৰক্ষীৰ অভিযান । ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা জব্দ তিনিটা কণ্টেইনাৰ ভৰ্তি নিচাজাতীয় সামগ্ৰী আৰু ম’বাইল ফোন ৷

one drugs paddlers arrested with drugs by police
বিজনীত ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী

চিৰাং, 9 আগষ্ট : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ অসম আৰক্ষী (Assam Police)য়ে বিভিন্ন সময়ত জব্দ কৰিবলৈ সক্ষম হৈছে বহু নিচাজাতীয় সামগ্ৰী ৷ আনকি আৰক্ষীয়ো আটক কৰিবলৈ সক্ষম হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰীক ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ দেওবাৰে বঙাইগাঁও জিলাৰ বিজনীৰ গৰাইমাৰীত আৰক্ষীয়ে চলাই এক অভিযান । এই অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এজন ড্ৰাগছ সৰবৰাহকাৰী ৷

one drugs paddlers arrested with drugs by police
ড্ৰাগছ জব্দ

লগতে পঢ়ক: ইটখোলাত ড্ৰাগছসহ আৰক্ষীৰ জালত স্বামী-স্ত্ৰী

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম গোলাপ হুছেইন মণ্ডল(১৮) ৷ মণ্ডল হৈছে বঙাইগাঁও জিলাৰ ১ নং নাচনগুৰিৰ নিবাসী ৷ আটকাধীন গোলাপ হুছেইন মণ্ডলৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় তিনিটা কণ্টেইনাৰ ভৰ্তি নিচাজাতীয় সামগ্ৰী আৰু এটা ম’বাইল ফোন ৷

বিজনীত ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী

বঙাইগাঁও সদৰ আৰক্ষী বিষয়া ৰুণা সোণোৱালে অৱগত কৰা অনুসৰি, এক গোপন সূত্ৰৰ ভিত্তিত ৰুণা সোণোৱাল আৰু গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ৰায়ৰ যুটীয়া নেতৃত্বত আৰক্ষীয়ে চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ আৰক্ষীৰ দলটোৱে এই অভিযানত আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীটোক ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোক বৰ্তমান গেৰুকাবাৰী থানাত অধিক তথ্যৰ বাবে জেৰা কৰিবলৈ ৰখা হৈছে ৷

লগতে পঢ়ক: লালপুলত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.