ETV Bharat / state

shakti super she: স্বাধীনতা দিৱসত যুৱ কংগ্ৰেছৰ মহিলা সবলীকৰণ অভিযান

author img

By

Published : Aug 13, 2023, 6:58 PM IST

স্বাধীনতা দিৱসত মহিলা সবলীকৰণ অভিযানৰ লগত সংগতি ৰাখি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ দিল্লীৰ মুখ্য কাৰ্যালয়ৰ লগতে ৰাজ্য, জিলা আৰু সমষ্টিত যুৱ কংগ্ৰেছৰ উদ্যোগত পতাকা উত্তোলন কৰিব মহিলাই ।

Youth Congress Press Meet
শক্তি ছুপাৰ চি অভিযান

শক্তি ছুপাৰ চি অভিযান

ৰঙিয়া, ১৩ আগষ্ট: ৭৭ তম্ স্বাধীনতা দিৱসত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মহিলা সবলীকৰণ অভিযান "শক্তি ছুপাৰ চি"ৰ লগত সংগতি ৰাখি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ দিল্লীৰ মুখ্য কাৰ্যালয়ৰ লগতে দেশৰ সমূহ ৰাজ্য,জিলা আৰু সমষ্টিত যুৱ কংগ্ৰেছৰ উদ্যোগত পতাকা উত্তোলন কাৰ্যসূচী মহিলাৰ দ্বাৰা সম্পন্ন কৰা হ'ব ।

এই কথা এখন সংবাদমেল যোগে সদৰী কৰিছে কামৰূপ জিলা যুৱ কংগ্ৰেছে । কামৰূপ জিলা যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক ৰুহুল আমিনে শক্তি ছুপাৰ চি অভিযানৰ বিষয়ে ব‍্যাখ‍্যা কৰে ।

তেওঁ কয় যে শক্তি ছুপাৰ চি হৈছে নাৰী সবলিকৰণৰ দিশত যুৱ কংগ্ৰেছৰ অন‍্যতম প্ৰয়াস । এই অভিযানত সমাজৰ প্ৰতিটো স্তৰৰ মহিলাই অংশগ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে যুৱ কংগ্ৰেছৰ ৱেব প'ৰ্টেলৰ জৰিয়তে প্ৰতিগৰাকী ইচ্ছুক মহিলাই বিনামূলীয়াকৈ নিজৰ নাম এই অভিযানত অন্তৰ্ভুক্ত কৰিব পাৰিব ।

এই অভিযানত সংযুক্ত হ'বলৈ মহিলাসকলে কংগ্ৰেছৰ সদস্য নহলেও হ'ব বুলি উল্লেখ কৰি উপদেষ্টাগৰাকীয়ে কয় যে অভিযান সফল কৰিবলৈ জিলা কমিটীৰ সদস্যসকলে গাঁৱে গাঁৱে গৈ প্ৰয়োজন সাপেক্ষে মহিলাসকলক এই ক্লাৱত যোগদান কৰিবলৈ সহায়ৰ হাত আগবঢ়াব ।

সংবাদমেলত কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিফুৰ ৰহমানে কয় যে যেতিয়ালৈকে ভাৰতৰ প্ৰতিগৰাকী নাৰী স্বাৱলম্বী হৈ শক্তিশালী নহয় তেতিয়ালৈ ভাৰত কেতিয়াও এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে ঠিয় দিব নোৱাৰে । গতিকে প্ৰতিগৰাকী নাৰীয়ে নিজকে শক্তিশালী ৰূপত গঢ় দিবলৈ আগুৱাই অহা উচিত ।

তেওঁ লগতে কয় যে "শক্তি ছুপাৰ চি" কাৰ্যসূচীৰ অধীনত যুৱ কংগ্ৰেছে সমগ্ৰ দেশত ৰাজ্যিক, জিলা আৰু সমষ্টি পৰ্যায়ত"শক্তি ক্লাব" গঠন কৰি মহিলাসকলক বিভিন্ন ধৰণে জড়িত কৰাৰ প্ৰয়াস কৰিব । মহিলাসকলক নিজ নিজ প্ৰতিভা বিকাশৰ বিভিন্ন ধৰণে সুযোগ দিয়াৰ প্ৰচেষ্টা হাতত ল'ব বুলিও তেওঁ কয় ।

এই সংবাদমেলখনত ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জু বৰুৱা কলিতা , সম্পাদিকা হীৰামণি কলিতা , যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কামাল হুছেইন,ৰঙিয়া বিধানসভা যুৱ কংগ্ৰেছৰ সভাপতি নাৰায়ণ দত্তৰ লগতে দলটোৰ সদস্য সকল উপস্থিত থাকে ।

লগতে পঢ়ক: Flood in Kaliabor: ৬ বছৰে কলিয়াবৰত বানত ক্ষতিগ্ৰস্তই নাপালে ক্ষতিপূৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.