ETV Bharat / state

ছয়গাঁৱত ড্ৰাগছসহ এগৰাকী মহিলা আটক

author img

By

Published : Jul 13, 2021, 3:58 PM IST

woman-arrested-with-drugs
ড্ৰাগছসহ এগৰাকী মহিলা আটক

মঙলবাৰে ছয়গাঁৱৰ গৰৈমাৰীৰ লাৰুৱাজানত অভিযান চলাই ড্ৰাগছ (Drugs)সহ এগৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে ৷ মহিলাগৰাকীৰ পৰা ড্ৰাগছৰ 18 টা কণ্টেইনাৰ (Container) আৰু এটা চিৰিঞ্জ জব্দ কৰে আৰক্ষীয়ে । সম্প্ৰতি আটকাধীন মহিলাগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷

ছয়গাঁও, 13 জুলাই : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপ (গ্ৰাম্য) জিলাৰ ছয়গাঁৱতো ড্ৰাগছ (Drugs), গাঞ্জা (Ganja), নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে ছয়গাঁও আৰক্ষী (Chhaygaon Police)য়ে ৷ মঙলবাৰে আৰক্ষীৰ এই অভিযানত আটক হয় ড্ৰাগছসহ এগৰাকী মহিলা ৷ ধাৰাবাহিক অভিযানৰ মাজতে মঙলবাৰে পুৱাৰ ভাগত ছয়গাঁও আৰক্ষী থানাৰ উপ পৰিদৰ্শক শ্যামল শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই গৰৈমাৰীৰ লাৰুৱাজানত ড্ৰাগছসহ আটক কৰে মহিলাগৰাকীক ।

আটকাধীন মহিলাগৰাকী গৰৈমাৰীৰ লাৰুৱাজানৰ ছফিয়া খাতুন বুলি জানিব পৰা গৈছে । মহিলাগৰাকীৰ পৰা ড্ৰাগছৰ 18 টা কণ্টেইনাৰ (Container) আৰু এটা চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল মহিলাগৰাকীয়ে ৷ এই খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল ।

আটক কৰা মহিলাগৰাকীক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

woman-arrested-with-drugs
ড্ৰাগছসহ এগৰাকী মহিলা আটক

ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষী (Assam Police)য়ে ৰাজ্যৰ প্ৰতিখন জিলাতে ড্ৰাগছ আৰু অন্য নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷ অৱশ্যে ইয়াৰ মাজতে প্ৰতিদিনে অবৈধ ড্ৰাগছ ব্যৱসায়ীসকলে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰি আছে ৷ আশ্চৰ্যজনকভাৱে, পুৰুষৰ লগতে মহিলাসকলো নামি পৰিছে এই ড্ৰাগছ ব্যৱসায়ত ৷

ৰাজ্যত জাৰি কৰা লক ডাউনৰ মাজতে এনেদৰে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা চলি থকা ঘটনাসমূহে আচম্বিত কৰি তুলিছে সচেতন ৰাইজক ৷ ইফালে ৰাজ্যজুৰি চলি থকা আৰক্ষীৰ এনকাউণ্টাৰ (Encounter)ক লৈ সৰৱ হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi) ৷ মঙলবাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে কয় যে, বিজেপি চৰকাৰে চুবুৰীয়া ৰাজ্যৰ সৈতে সমন্বয় ৰক্ষা কৰি এই অভিযান চলোৱা নাই । ৰাজ্যৰ মাজেৰে সৰবৰাহ হৈ থকা ড্ৰাগছৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে ।

চৰকাৰে এণ্টি ড্ৰাগছ টাস্ক ফ'ৰ্চ গঠন কৰা নাই । এইখন চৰকাৰে ড্ৰাগছকে ধৰি ভিন্ন ক্ষেত্ৰত অভিযান চলোৱাৰ নামত এনকাউণ্টাৰ কৰি অসমখনত 'পুলিচৰাজ' চলোৱাৰ চেষ্টা কৰিছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক : এনকাউণ্টাৰক লৈ পুনৰ সৰৱ বিধায়ক অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.