ETV Bharat / state

Extra marital case : জেঠালেক আৰু স্বামীয়ে প্ৰতাৰণা কৰাৰ অভিযোগত হিয়া ভগা কান্দোন মহিলাৰ

author img

By

Published : Jan 2, 2023, 2:11 PM IST

বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি (Extra marital affair case at Rangia) ৷ জেঠালেকৰ লগত পলাই গৈ স্বামীক বিচাৰি হিয়া ভগা কান্দোন মহিলাৰ...

Woman cry over allegations of cheating brother in law and husband
প্ৰতাৰণা কৰাৰ অভিযোগত হিয়া ভগা কান্দোন মহিলাৰ

প্ৰতাৰণা কৰাৰ অভিযোগত হিয়া ভগা কান্দোন মহিলাৰ

ৰঙিয়া, 2 জানুৱাৰী: ৰঙিয়াৰ সমীপৰ কঞা আৰক্ষী থানাত (Koyan Police station) এগৰাকী মহিলাৰ হিয়া ভঙা কান্দোন ৷ কান্দোনৰ মাজে মাজে পিংকু দা, মই তোমাক বহুত ভাল পাওঁ, মইয়ো তোমাৰ লগত জেললৈ যাম, মোক নিঠৰুৱা কৰি নাযাবা...

ইংৰাজী নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে এটা প্ৰেম কাহিনীক লৈ ৰঙিয়াত চলিছে চৰ্চা (Extra marital affair case at Rangia) ৷ দুই সন্তানৰ মাতৃ আৰু জেঠালেকৰ প্ৰেম কাহিনীক লৈ তোলপাৰ লাগিছে কঞা আৰক্ষী থানা ৷ প্ৰাপ্ত তথ্য অনুসৰি এগৰাকী মহিলাই দুই সন্তানসহ স্বামীৰ পৰিয়ালৰ লগত বাস কৰিছিল একেলগে ৷ কিন্তু মহিলাগৰাকীৰ স্বামীৰ ভাতৃ তথা জেঠালেকৰ লগত অবৈধ সম্পৰ্ক থকাৰ সন্দেহ কৰিছিল শাহুৱেকে ৷ এই কথা মহিলাগৰাকীৰ স্বামীকো অৱগত কৰিছিল শাহেৱেকে ৷

এই কথা অৱগত হোৱাৰ পাছত প্ৰায়েই মহিলাগৰাকীৰ লগত কাজিয়া পেছালত লিপ্ত হৈছিল তেওঁৰ স্বামী ৷ মহিলাগৰাকীক প্ৰায়েই ককায়েকৰ লগত গুচি যাবলৈ ধমক দি আহিছিল স্বামীয়ে ৷ ইয়াৰ পিছতে যোৱা বৃহস্পতিবাৰে মহিলাগৰাকীক জেঠালেকে জোৰ জবৰদস্তি ঘৰৰ পৰা গুৱাহাটীলৈ পলুৱাই লৈ যায় ৷

মহিলাগৰাকীক লৈ তিনিদিন ধৰি গুৱাহাটীৰ হোটেলত কটোৱাৰ পিছত মহিলাগৰাকীক এৰি দিয়ে জেঠালেকে ৷ উপায়হীন হৈ মহিলাগৰাকী পুনৰ স্বামীৰ ওচৰলৈ উভতি আহে ৷ কিন্তু এইবাৰ মহিলাগৰাকী স্বামীয়ে তেওঁক গ্ৰহণ কৰি লবলৈ মান্তি নহয় ৷ ইফালে মহিলাগৰাকীৰ জেঠালেকেও তেওঁক পত্নী হিচাপে স্বীকাৰ কৰিবলৈ মান্তি নহয় ৷

আনহাতে পত্নী পলাই যোৱাৰ সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে ৰঙিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰৰ ভিত্তিতেই ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ পৰা জেঠালেকক আটক কৰি থানালৈ লৈ আহে ৷ থানাত জেঠালেকক দেখিয়েই আবেগিক হৈ পৰে মহিলাগৰাকী ৷

আৰক্ষীয়ে জেঠালেকক জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ লওঁতেই মহিলাগৰাকীয়ে প্ৰেমিক তথা ভাই শহুৰৰ ভৰিত খামুচি ধৰি কান্দিবলৈ আৰম্ভ কৰে ৷ মহিলাগৰাকীয়ে আৰক্ষীক অনুৰোধ জনাই কয় যে তেওঁকো জেঠালেকৰ সৈতে কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগে ৷ অন্যথা তেওঁ কোনো পধ্যেই তেওঁক এৰি নিদিয়ে ৷ মহিলাগৰাকীৰ কাণ্ড দেখি আৰক্ষীয়ে মহিলাগৰাকীক আঁতৰাই দিয়ে ৷

এই ঘটনাৰ পিছতে বৰ্তমান ভুক্তভোগী স্বামীয়ে নিজৰ লগত ৰাখিব নিবিচাৰে পত্নীক । লগতে জেঠালেকো এই ঘটনাৰ বাবে জেললৈ যাব লগা হোৱাত বিপাঙত পৰে মহিলাগৰাকী ৷ অৱশেষত এতিয়া সাংবাদিকৰ আগত মহিলাগৰাকীৰ লগত স্বামী আৰু জেঠালেকে অন্যায় কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে (Woman cry over allegations of cheating)৷ তেওঁৰ যাবলৈ অন্য ঠাই নাই ৷

গতিকে আইনৰ সহায় লৈ ন্যায় বিচাৰিম বুলি জনায় মহিলাগৰাকীয়ে ৷ আনকি এই ঘটনাৰ পিছৰে পৰা নৱম শ্ৰেণীৰ ছাত্ৰী তথা নিজৰ কন্যা আৰু পুত্ৰয়ো মাতৃৰ পৰা দূৰত্ব বজাই চলিছে ৷

লগতে পঢ়ক: Huge quantity of arms seized: জম্মু কাশ্মীৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰসহ নিচাজাতীয় সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.