ETV Bharat / state

Son tortured parent at Rangia: পুত্ৰৰ অত্যাচাৰত অতিষ্ঠ হৈ থানাত গোচৰ তৰিলে বৃদ্ধ দম্পতিয়ে

author img

By

Published : Jan 28, 2023, 4:18 PM IST

Updated : Jan 28, 2023, 8:46 PM IST

ৰঙিয়াত পাষণ্ড পুত্ৰৰ অমানৱীয় কাণ্ড ৷ পুত্ৰৰ উপৰ্যুপৰি প্ৰহাৰত সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বৃদ্ধ পিতৃ-মাতৃ । পুত্ৰৰ অত্যাচাৰৰ বিৰুদ্ধে বৃদ্ধ দম্পতিটোৱে তিনিবাৰকৈ ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে দম্পতিটোৱে(Son tortured parent at Rangia) ।

Torture on old parents for property by son at Rangia
পুত্ৰৰ অত্যাচাৰত অতিষ্ঠ হৈ থানাত গোচৰ তৰিলে বৃদ্ধ দম্পতিয়ে

অভিযুক্তৰ পৰিয়ালৰ লোক

ৰঙিয়া, ২৮ জানুৱাৰী : ৰঙিয়াত এজন পাষণ্ড পুত্ৰৰ অমানৱীয় কাণ্ডই সকলোকে সচকিত কৰি তুলিছে । একমাত্ৰ ধন সম্পত্তিৰ লালসাত নিজৰ জন্মদাত্ৰী পিতৃ-মাতৃক পাষণ্ড পুত্ৰই শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে(Torture on old parents for property) ৷ আনকি পুত্ৰৰ উপৰ্যুপৰি প্ৰহাৰত সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বৃদ্ধ পিতৃ-মাতৃ(Son tortured parent at Rangia) । পুত্ৰৰ প্ৰহাৰত ইতিমধ্যে কেইবাবাৰো চিকিৎসাধীন হ’বলগীয়া হৈছে বৃদ্ধ পিতৃ-মাতৃ ৷ এই জঘন্য কাণ্ড সংঘটিত হৈছে ৰঙিয়াৰ সমীপৰ পশ্চিম পাৰ বাঘবাৰীত ।

বৃদ্ধ দম্পতিৰ একমাত্ৰ পুত্ৰ প্ৰকাশ দত্তই দেওবাৰে পাঁচ হাজাৰ টকা দাবী কৰে বৃদ্ধা মাতৃক । কিন্তু দাবী কৰা টকা দিব নোৱাৰাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ পুত্ৰই ষাঠিৰ উৰ্ধৰ মাতৃক উপৰ্যুপৰি লাঠিয়াই, বেল্ট আৰু লাঠিৰে আক্ৰমণ কৰে । পুত্ৰৰ উপৰ্যুপৰি প্ৰহাৰত মাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ তেওঁৰ আঘাত ইমানেই গুৰুতৰ আছিল যে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয় । বৃদ্ধা মাতৃৰ স্বামী আৰু কন্যাই তেওঁক ভৰ্তি কৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত(Sub divisional Civil Hospital Rangia) ৷ বৰ্তমানেও গুৰুতৰভাৱে অসুস্থ বৃদ্ধা মাতৃ ।

Torture on old parents for property by son at Rangia
অভিযুক্ত পুত্ৰ প্ৰকাশ দত্ত

ইফালে কুলংগাJ পুত্ৰৰ বিৰুদ্ধে মঙলবাৰে ৰঙিয়া আৰক্ষী থানাত(Rangia Police Station) এজাহাৰো দাখিল কৰে ভুক্তভোগী মাতৃয়ে । প্ৰকাশ দত্তই পূৰ্বতে তেওঁৰ বৃদ্ধ পিতৃকো আক্ৰমণ কৰাৰ কথা জানিব পৰা হৈছে ৷ পুত্ৰৰ আক্ৰমণৰ ফলত কেইবাদিনো চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হৈছিল বৃদ্ধ পিতৃ । পৰিয়ালটোৱে ইতিমধ্যে পুত্ৰৰ এই মাৰপিট তথা শাৰীৰিক তথা মানসিক অত্যাচাৰৰ বিৰুদ্ধে ৰঙিয়া থানাত তিনিবাৰকৈ এজাহাৰ দাখিল কৰিছে । কিন্তু ইয়াৰ পিছতো কোনো ন্যায় লাভ নকৰিলে বৃদ্ধ পিতৃ-মাতৃয়ে । থানাত এজাহাৰ দাখিল কৰাৰ পিছতো পুত্ৰৰ শাৰীৰিক তথা মানসিক অত্যাচাৰৰ অন্ত নপৰিল ।

আৰক্ষীয়ে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ভুক্তভোগী বৃদ্ধ পিতৃ-মাতৃৰ লগতে তেওঁলোকৰ কন্যাই ৷ যাৰ বাবে এতিয়া পুত্ৰৰ নিৰ্যাতনৰ এই নিষ্ঠুৰ বাস্তৱৰ তিতা ৰস পান কৰিয়েই দিন অতিবাহিত কৰিবলগীয়া হৈছে অসহায় বৃদ্ধ দম্পতিটো । কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে নিজ মাতৃয়ে । গতিকে আপুনিয়ে ভাৱক কিমান আঘাত পালে এগৰাকী মাতৃয়ে নিজ পুত্ৰ বিৰুদ্ধে আইনৰ কাষ চাপিব পাৰে । সঁচাকৈয়ে ন্যায় পাবনে এইগৰাকী দূৰ্ভগীয়া মাতৃয়ে । নে পুত্ৰ থকাৰ পাছতো বৃদ্ধাশ্ৰমৰ আলহী হ’ব এইহাল হতভগীয়া পিতৃ-মাতৃ !

লগতে পঢ়ক: Son Killed Mother: নলবাৰীৰ সাগৰকুছিত মাতৃক নৃশংসভাৱে হত্যা পুত্ৰৰ

Last Updated : Jan 28, 2023, 8:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.