ETV Bharat / state

Son Killed Mother: নলবাৰীৰ সাগৰকুছিত মাতৃক নৃশংসভাৱে হত্যা পুত্ৰৰ

author img

By

Published : Jan 28, 2023, 1:34 PM IST

Nalbari
Nalbari

নলবাৰীত কলিৰ যুগৰ পৰশুৰাম । পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল জন্মদাত্ৰী মাতৃৰ (mother killed by son in Nalbari) । হানি-খুঁচি নৃশংসভাৱে হত্যা নিজ মাতৃক । ৰাইজে হত্যাকাৰীক ধৰি-বান্ধি চমজালে আৰক্ষীক ।

নলবাৰীত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

নলবাৰী, ২৮ জানুৱাৰী : কলিৰ যুগৰ পৰশুৰামৰ আৱিৰ্ভাৱ এইবাৰ নলবাৰীত (modern Parashuram in Nalbari) । নলবাৰীত পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে মাতৃয়ে (mother killed by son in Nalbari) । এক হৃদয় বিদাৰক ঘটনাত পাষাণ পুত্ৰই প্ৰাণ ল'লে নিজ মাতৃৰ । এই লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ নলবাৰী জিলা (tragic murder in Nalbari Ghagrapar) ।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত সাগৰকুছি গাঁৱৰ চণ্ডি কলিতাৰ পাষাণ পুত্ৰ প্ৰাঞ্জল কলিতাই (বয়স ৩২বছৰ) অতি নৃশংসভাৱে হানি-খুঁচি হত্যা কৰে নিজ মাতৃক (son killed mother in Nalbari Ghagrapar) । পুত্ৰৰ হাতত অতি কৰুণভাৱে মৃত্যু সাৱটিবলগা হোৱা এইগৰাকী দুৰ্ভগীয়া মাতৃৰ নাম হৈছে পূৰ্ণিমা কলিতা (বয়স ৬০বছৰ) ।

উল্লেখ্য যে স্থানীয় সূত্ৰে জানিব পৰা মতে, প্ৰাঞ্জল কলিতাই জন্মদাতৃ মাতৃৰ সৈতে প্ৰায়ে কাজিয়াত লিপ্ত হৈ আহিছে । আনহাতে, মাতৃক মাৰধৰ কৰাৰো অভিযোগ স্থানীয় ৰাইজৰ । কেৱল সিমানেই নহয় এই নৰাধম হত্যাকাৰীটোৰ অত্যাচাৰত পত্নী-পুত্ৰয়ো প্ৰাঞ্জলক এৰি মাতৃৰ গৃহত থাকিবলৈ বাধ্য হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰৰ নিশাও তেনে এক ঘটনা সংঘটিত হয় । মাতৃৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ পিছত অতি নৃশংসভাৱে নিজ মাতৃক হত্যা কৰাৰ অভিযোগ প্ৰাঞ্জলৰ বিৰুদ্ধে ।

আনহাতে, মাতৃক হানি-খুঁচি হত্যা কৰি নিজে ১০৮ সেৱাক মাতি চিকিৎসালয়লৈ লৈ যায় এইগৰাকী হৃদয়হীন পুত্ৰই । কিন্তু চিকিৎসকে ইতিমধ্যে মৃত্যু হোৱা বুলি জনাই উভতাই পঠায় । ইয়াৰ পিছতে ঘটনাটোৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰে । উক্ত নৃশংস ঘটনাত স্থানীয় ৰাইজো উত্তেজিত হৈ পৰে আৰু হত্যাকাৰী পুত্ৰক ধৰি-বান্ধি ঘগ্ৰাপাৰ আৰক্ষীক চমজাই দিয়ে । ইফালে পাষাণ পুত্ৰই মাতৃয়ে ঘৰৰ ভিতৰত পিছলি পৰি আহত হোৱাৰ পিছত চিকিৎসালয়লৈ লৈ যোৱা বুলি জানিবলৈ দিয়ে ।

কিন্তু চিকিৎসালয়তে তেওঁৰ মৃত্যু হোৱা বুলি কৈ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰে । কিন্তু এই কথাত আশ্বস্ত নহ'ল স্থানীয় ৰাইজ । ৰাইজ আহি প্ৰাঞ্জলৰ ঘৰত উপস্থিত হৈ ক্ষত-বিক্ষত অৱস্থাত থকা তেওঁৰ মাতৃৰ মৃতদেহ প্ৰত্যক্ষ কৰে । লগতে মৃতদেহটোৰ কাষতে এখন চোকা অস্ত্ৰও উদ্ধাৰ কৰে । তাৰ পিছতে স্থানীয় আৰক্ষীচকীক ঘটনাটোৰ বিষয়ে অৱগত কৰে । হত্যাকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতেই ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া আৰু ঘগ্ৰাপাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Road Accident at Rangia: ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাত নিহত ২, ৰাইজে জ্বলালে ডাম্পাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.