ETV Bharat / state

Road Accident at Rangia: ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনাত নিহত ২, ৰাইজে জ্বলালে ডাম্পাৰ

author img

By

Published : Jan 28, 2023, 12:55 PM IST

Updated : Jan 28, 2023, 1:36 PM IST

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক (two killed by dumper at Rangia) । তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক । ফলত থিতাতে নিহত হয় দুই বাইক আৰোহী । পিছত ক্ষোভিত ৰাইজে জ্বলাই দিয়ে ডাম্পাৰখন ।

Rangia
Rangia

ৰঙিয়াত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ২ বাইক আৰোহী

ৰঙিয়া, ২৮ জানুৱাৰী : শনিবাৰে পুৱা ৰঙিয়াৰ তিনিআলিত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত দুগৰাকী লোকৰ থিতাতে মৃত্যু হয় (tragic road accident at Rangia) । এখন ডাম্পাৰে বাইকত গৈ থকা দুগৰাকী ব‍্যক্তিক পিছফালৰ পৰা খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় (bike dumper clash at Rangia) । দুৰ্ঘটনাটোত মৃত‍্যু হোৱা ব‍্যক্তি দুগৰাকী হৈছে ৰঙিয়াৰ গোগমালাচাৰ নজিম আলী আৰু নাৰায়ণ গাঁৱৰ হাতিম আলী (two killed by dumper at Rangia) ।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS-25-EC-9359 । ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰৰ চালক তথা হেণ্ডিমেনে ডাম্পাৰখন দুৰ্ঘটনাস্থলীতে এৰি পলায়ন কৰে (two killed at Rangia road accident) । ঘটনা অনুসৰি, ৰঙিয়া বজাৰৰ দিশৰ পৰা অহা এখন ডাম্পাৰে ৰঙিয়াৰ তিনিআলিত একেদিশে গৈ থকা এখন বাইকত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত উপস্থিত ক্ষুব্ধ লোকসকলে ডাম্পাৰখনত অগ্নিসংযোগ কৰে ।

আনহাতে, ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পিছত উপস্থিত ৰাইজে মৃতদেহ চমজি ল'বলৈ বাধা প্ৰদান কৰাৰ লগতে দপদপাই জ্বলি থকা ডাম্পাৰৰ অগ্নি নিৰ্বাপণৰ ক্ষেত্ৰতো অগ্নিনিৰ্বাপক বাহিনীক বাধা প্ৰদান কৰে । ক্ষোভিত ৰাইজে ঘটনাস্থলীত প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজৰ অভিযোগ অনুসৰি, অনিয়ন্ত্ৰিতভাৱে চলি থকা ডাম্পাৰৰ বাবে শনিবাৰে পুৱা ৰঙিয়াৰ দুগৰাকী লোকৰ প্ৰাণহানি হয় ।

বেছিভাগ ডাম্পাৰৰে চালকসকল কম বয়সীয়া তথা অনভিজ্ঞ হোৱাৰ বাবে এনেধৰণৰ দুৰ্ঘটনা হয় বুলি অভিযোগ উত্থাপিত কৰিছে ৰাইজে । ইয়াৰ উপৰি বিদ্যালয় তথা কাৰ্যালয়লৈ যোৱাৰ সময়ত ডাম্পাৰসমূহ ৰাজপথত কেনেকৈ চলিব পাৰে বুলিও আপত্তি দৰ্শাইছে ৰাইজে । একাংশ লোকৰ মতে, আৰক্ষীয়ে সময়ে সময়ে ধনৰ লেনদেন কৰি তাৰ বিনিময়ত ডাম্পাৰসমূহক অবৈধভাৱে নগৰৰ মাজেৰে এনেদৰে যাতায়াত কৰিবলৈ অনুমতি প্ৰদান কৰি আহিছে ।

আনহাতে, দুৰ্ঘটনাস্থলীৰ পৰা ৰাইজে মৃত লোক দুজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাৰো হস্তক্ষেপ দাবী কৰে । ইফালে দুৰ্ঘটনাটোৰ পিছত ৰাইজে বহু সময়লৈ ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি ৰাখে আৰু স্থানীয় বিধায়ক ভৱেশ কলিতা উপস্থিত নহ'লে পথ এৰি খুলি দিয়া নহ'ব বুলি কৈ প্ৰতিবাদ কৰে । অৱশ্যে কিছু সময়ৰ পিছত আৰক্ষীৰ লগতে প্ৰশাসনৰ লোকে আহি ৰাইজক শান্ত কৰি পথটো মুকলি কৰে ।

লগতে পঢ়ক :ULFA-I cadre surrender : সোণাৰিত আলফা কেডাৰৰ আত্মসমৰ্পণ

Last Updated :Jan 28, 2023, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.