ETV Bharat / state

ৰঙিয়াত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Aug 7, 2021, 2:11 PM IST

এটি কৰুণ দৃশ্য ৷ এই দৃশ্যই মৰ্মাহত কৰি তুলিছে সকলোকে ৷ ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ৷ তেনে সময়তে কান্দি কান্দি এগৰাকী ব্যক্তিয়ে কৈ উঠিল- ছাৰ, মোক ন্যায় লাগে ৷ দোষীক শাস্তি দিয়ক ৷ কিন্তু কিয় এনেদৰে এজন ব্যক্তিয়ে হঠাতে কান্দি উঠিল ? কি ক’লে আৰক্ষীয়ে ? চাওক আমাৰ এই প্ৰতিবেদন-

suicide case at rangia
ৰঙিয়াত ৰহস্যজনক ভাৱে বোৱাৰীৰ মৃত্যু

ৰঙিয়া, 7 আগষ্ট : অৱশেষত দুখন ঘৰৰ পৰা আহ-যাহ আৰম্ভ হৈছিল ৷ ঠিক হৈছিল দিন বাৰ ৷ দুয়োঘৰৰ মাজত বন্ধা হৈছিল আত্মীয়তাৰ এনাজৰী ৷ অৱশেষত দুই ঘৰত বাজিল বেণ্ডপাৰ্টীৰ বাজনা ৷ বিদায় দিয়া হ’ল দীপাঞ্জলিক ৷ ধুমধামেৰে সম্পন্ন হৈ গ’ল দীপাঞ্জলি-সঞ্জীৱৰ বিয়া ৷ মাহ-হালধি, হাতত জেতুকাৰ বোল লৈ নতুন ঘৰত প্ৰৱেশ কৰিছিল দীপাঞ্জলিয়ে ৷ সপোনবোৰ সামৰি আৰম্ভ কৰিছিল বৈবাহিক জীৱন ৷ এদিন-দুদিনকৈ পাৰ হৈছিল প্ৰায় ছমাহ ৷ কিন্তু কৰ’বাত যেন লাগিছিল কেণা ৷ মৰমিয়াল স্বামী সঞ্জীৱৰ আচাৰ-ব্যৱহাৰ লাহে লাহে সলনি হৈছিল ৷ কিন্তু হাজাৰ চেষ্টা কৰিও দীপাঞ্জলিয়ে পোৱা নাছিল অশান্তিৰ আঁত বিচাৰি ৷

আৰু অৱশেষত...অৱশেষত এনেকুৱা যে এটা দিন আহিব কোনেও হয়তো সপোনতো ভবা নাছিল ৷ মুহুৰ্ততে ভাঙি গৈছিল থুনুকা হৈ পৰা সপোনবোৰ ৷ অনাকাংক্ষিত খবৰটো পাই ব্ৰজ পৰিছিল দীপাঞ্জলিৰ পিতৃগৃহৰ লোকৰ মূৰত ৷ কিন্তু এয়াই যে সঁচা ৷ পৰিয়ালটোৰ মৰমৰ জীয়ৰী দীপাঞ্জলি আৰু নাই ৷ মাহ-হালধিৰ গোন্ধ দেহৰ পৰা মাৰ নৌযাওতেই ইহ সংসাৰৰ পৰা বিদায় মাগিলে ন-বোৱাৰীগৰাকীয়ে ৷

ৰঙিয়াত ৰহস্যজনক ভাৱে বোৱাৰীৰ মৃত্যু

প্ৰকৃততে হৈছিল কি ?

ঘটনাৰ প্ৰেক্ষাপট ৰঙিয়াৰ তুলসীবাৰী ৷ বিগত প্ৰায় ছমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা দীপাঞ্জলিক বিবাহৰ পাছৰে পৰা প্ৰায়ে স্বামীগৃহৰ লোকে চলাই আহিছিল অমানুসিক অত্যাচাৰ ৷ এই অত্যাচাৰৰ মূলতে আছিল যৌতুক ৷ কিন্তু এইসম্পৰ্কে সময়ে সময়ে পিতৃ পৰিয়ালক অৱগত কৰিছিল দীপাঞ্জলিয়ে ৷ তথাপিও ভাবি লৈছিল এদিন সকলো ঠিক হ’ব ৷ কিন্তু ঠিক নহ’ল কাহানিও, বৰং বাঢ়িলহে দীপাঞ্জলিক কৰা অত্যাচাৰৰ মাত্ৰা ৷ এই অত্যাচাৰে অৱশেষত চূড়ান্ত পৰ্যায় পায়গৈ আৰু মৃত্যুক সাৱটি ল’বলগীয়া হয় দীপাঞ্জলিয়ে ৷

লগতে পঢ়ক: দেওৰেকৰ দাৰ আঘাতত প্ৰাণ গ’ল বৌয়েকৰ

দীপাঞ্জলিৰ পিতৃয়ে ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি, স্বামী সঞ্জীৱ কলিতা আৰু তেওঁৰ মাতৃয়ে প্ৰায়ে ন-বোৱাৰীক যৌতুক বিচাৰি অমানুসিক শাৰিৰীক নিৰ্যাতন চলাই আহিছিল ৷ বিগত 5 আগষ্টৰ নিশা সঞ্জীৱে শহুৰেকলৈ ফোনযোগে পত্নীৰ অসুখ হোৱা বুলি খবৰ দিয়ে ৷ জোঁৱায়েকৰ ফোনকল লাভ কৰি শহুৰেকে জীয়ৰীৰ খবৰ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে উপস্থিত হয় ৰঙিয়াস্থিত দীপাঞ্জলিৰ স্বামীগৃহত ৷ কিন্তু পিতৃয়ে আহি ৰহস্যজনকভাৱে চীপ লোৱা অৱস্থাত দীপাঞ্জলিৰ মৃতদেহ উদ্ধাৰ কৰে ৷ লগতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী তুলি সঞ্জীৱৰ বিৰুদ্ধে তুলসীবাৰী থানাত এজাহাৰ দাখিল কৰে ৷

দীপাঞ্জলীৰ পিতৃৰ এজাহাৰৰ ভিত্তিতেই সঞ্জীৱ কলিতাক আটক কৰিছে আৰক্ষীয়ে ৷ লগতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ ন-বোৱাৰীগৰাকীৰ মৃত্যুৱে কঁপাইছে তুলসীবাৰীৰ লগতে সমগ্ৰ ৰঙিয়া মহকুমা ৷ ৰাজ্যত যাতে দ্বিতীয় এগৰাকী দীপাঞ্জলিয়ে পুনৰায় সপোনবোৰ মোহাৰি মৃত্যুক সাৱটি ল’বলগা নহয়, তাৰ বাবে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ বাবে দীপাঞ্জলিৰ পিতৃয়ে আৰক্ষীক আহ্বান জনাইছে ৷

লগতে পঢ়ক: অসংযত অৱস্থাত মুছলপুৰত দুগৰাকী যুৱতীসহ দুজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.