ETV Bharat / state

মহানগৰীত জ্যেষ্ঠ নাগৰিকৰ বাবে আঁকোৱালিৰ বিশেষ সুবিধা

author img

By

Published : Dec 15, 2020, 5:08 PM IST

মহানগৰীত জ্যেষ্ঠ নাগৰিকৰ বাবে আঁকোৱালি কেয়াৰ ছাৰ্ভিচেছে লৈ আহিছে বিশেষ সুবিধা ৷ ডিমেনচিয়াত আক্ৰান্ত হোৱা জ্যেষ্ঠ নাগৰিক সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘এল্ডাৰলী হোম কেয়াৰ ইনিচিয়েটিভ’ শীৰ্ষক অনুষ্ঠানখনৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানখন মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷

Special drawing facilities for senior citizens in the metropolis
মহানগৰীত জ্যেষ্ঠ নাগৰিকৰ বাবে আঁকোৱালিৰ বিশেষ সুবিধা

গুৱাহাটী, ১৫ ডিচেম্বৰ: জ্যেষ্ঠ নাগৰিকসকলৰ বাবে মানসিক ফিটনেছ আৰু লাইফ ষ্টাইলৰ সুবিধা আগবঢ়োৱা গুৱাহাটীৰ আঁকোৱালি কেয়াৰ ছাৰ্ভিচেছে সোমবাৰে ভিনাইল কাফেত ‘এল্ডাৰলী হোম কেয়াৰ ইনিচিয়েটিভ’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷ অনুষ্ঠানখন মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷ অনুষ্ঠানখনত সন্মানীয় অতিথি হিচাপে ‘শ্ৰেষ্ঠ শিক্ষক’ৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ৰাণু বৰগোঁহাইও উপস্থিত থাকে ৷

Special drawing facilities for senior citizens in the metropolis
মহানগৰীত জ্যেষ্ঠ নাগৰিকৰ বাবে আঁকোৱালিৰ বিশেষ সুবিধা

আঁকোৱালি ‘এল্ডাৰলী হোম কেয়াৰ ইনিচিয়েটিভ’ৰ দ্বাৰা ডিমেনচিয়াত আক্ৰান্ত জ্যেষ্ঠ নাগৰিক সকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ যাক সাধাৰণতে আলজেইমাৰ বুলিও কোৱা হয় ৷ উক্ত কাৰ্যসূচীৰ অধীনত প্ৰদান কৰা সেৱা সমূহত ডিমেনচিয়াৰ শুশ্ৰূষা, জৰুৰীকালীন চিকিৎসা সেৱা আৰু সাপ্তাহিক কাউন্সেলিঙৰ সুবিধা অন্তৰ্ভুক্ত কৰা হয় ৷ এই সন্দৰ্ভত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয়, ‘‘আমাৰ জ্যেষ্ঠজনে যাতে যথাসম্ভৱ শ্ৰেষ্ঠতম সেৱা সমূহ লাভ কৰিব পাৰে, সেই সন্দৰ্ভত আমি নিশ্চিত হোৱাটো আৱশ্যক ৷ এই ক্ষেত্ৰত আকুলি কেয়াৰ ছাৰ্ভিচেছে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে'' ৷

আনহাতে, গেৰিয়াট্ৰিক কেয়াৰৰ মনোবিজ্ঞানী দেবাস্তুতি বৰুৱাই উক্ত অনুষ্ঠানত কয়, ‘‘বৰ্তমান সমাজত প্ৰায়েই ডিমেনচিয়াত আক্ৰান্ত হোৱা পৰিলক্ষিত হয় ৷ এনে ৰোগীক পেছাগত সহায়ৰ প্ৰয়োজন নাই বুলি এক ভ্ৰান্ত ধাৰণা গঢ়ি উঠাও দেখা গৈছে ৷ আঁকোৱালিত আমি এক বিশেষ পদক্ষেপৰ দ্বাৰা জ্যেষ্ঠ নাগৰিকসকলক উপযুক্ত শুশ্ৰূষা প্ৰদান, কাউন্সেলিং তথা সাহচৰ্য প্ৰদানৰ দিশত আগবাঢ়িছো'' ৷

অন্য এক খবৰৰ বাবে: গোৱালপাৰাৰ নিচানগ্ৰামত বৰদিনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.