ETV Bharat / state

Rhino horn seized at Rangia: ৰঙিয়াত গঁড়ৰ খৰ্গসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

author img

By

Published : May 28, 2023, 8:18 PM IST

Smuggler arrested with rhino stubble in Rangia
ৰঙিয়াত গঁড়ৰ খৰ্গসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত আৰক্ষীৰ অভিযান চলাই জব্দ কৰে এখন বাহনখনৰ এটা গোপন অংশত লুকুৱাই ৰখা অৱস্থাত গঁড়ৰ খৰ্গ । গঁড়ৰ খৰ্গসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গঁড়ৰ খৰ্গ সৰবৰাহ কৰা এটা সৰবৰাহকাৰীক (Smuggler arrested with rhino stubble in Rangia) । ধৃত সৰবৰাহকাৰীটো নলবাৰীৰ গড়গৰি গাঁৱৰ জেহেৰুল ইছলাম বুলি জানিব পৰা গৈছে ।

ৰঙিয়া,২৮ মে': ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত আৰক্ষীৰ অভিযান । গুৱাহাটী অভিমুখী এখন বিশেষ বাহনত আৰক্ষীয়ে চলাই অভিযান । বাহনখনৰ এটা গোপন অংশত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে গঁড়ৰ খৰ্গ (Rhino horn seized in Rangia) । লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গঁড়ৰ খৰ্গ সৰবৰাহ কৰা এটা সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰীটো হৈছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত গড়গৰি গাঁৱৰ জেহেৰুল ইছলাম (Smuggler arrested with rhino stubble in Rangia) ।

জানিব পৰামতে গঁড়ৰ খৰ্গ সৰবৰাহকাৰীটোৱে ঘগ্ৰাপাৰাৰৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গঁড়ৰ খৰ্গটো লৈ ML05H9336 নম্বৰৰ বাহনখনেৰে ৰাওনা হৈছিল গুৱাহাটী অভিমুখে । এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে কামৰূপ নলবাৰী সীমান্তৰ ভাতকুছিত বাহনখনত তালাচী চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে গঁড়ৰ খৰ্গ সৰবৰাহকাৰীটোক । লগতে গড়ৰ খৰ্গ সৰবৰাহত ব্যৱহাৰ কৰা বাহনখনো জব্দ কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে গঁড়ৰ খৰ্গ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে । ধৃত সৰবৰাহকাৰীটোৱে কেইবা লক্ষাধিক টকাৰ বিনিময়ত গঁড়ৰ খৰ্গটো বিক্ৰী কৰাৰ উদ্দেশ্যেৰে গৈ থকা অৱস্থাত আৰক্ষীৰ হাতত ধৰা পৰে (Rhino horn rescued in Rangia) ।

Smuggler arrested with rhino stubble in Rangia
ৰঙিয়াত গঁড়ৰ খৰ্গসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

উল্লেখ্য যে, চৰকাৰী এক তথ্য অনুসৰি বিগত কেইবাটাও বছৰত গঁড় হত্যাৰ সংখ্যা যথেষ্ট কম হোৱা বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছিল । যাৰ পৰিপ্ৰেক্ষিতত এক আশাৰ বতৰা আহিছিল ৰাজ্যলৈ । ইফালে গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে অসম চৰকাৰ তথা বন বিভাগ কঠোৰ হোৱাও পৰিলক্ষিত হৈছিল । সমান্তৰালভাৱে বিভিন্ন সময়ত আৰক্ষী তথা বনবিভাগে জব্দ কৰা গঁড়ৰ খৰ্গ ৰাজহুৱাভাৱে দাহন কৰা হৈছিল (Rhino poaching in Assam) ।

কিন্তু ইমানৰ পাচতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে জব্দ কৰি অহা হৈছে গঁড়ৰ খৰ্গ । আটক কৰিছে বহু গঁড়ৰ খৰ্গ সৰবৰাহকাৰীক । সেয়ে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, অসম চৰকাৰ তথা বন বিভাগ ইমান কঠোৰ হোৱাৰ পাছতো কাৰ ছত্ৰ-ছায়াত চলি আছে এই চোৰাং সৰবৰাহ ? এই ক্ষেত্ৰত জড়িত হৈ আছে নেকি বন বিভাগৰ কোনো মূধাফুটা লোক ?

লগতে পঢ়ক: Raid against Fake currency: নগাঁৱৰ নিজ বাসগৃহৰ চিলিঙত লুকাই থকা অৱস্থাত আটক জালনোট সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.