ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ ব্যস্ত মহানগৰ প্ৰশাসন....

author img

By

Published : Feb 6, 2020, 8:43 PM IST

ইতিপূৰ্বে Indo-Japan সন্মিলনৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ সহিতে অসম ভ্ৰমণ কৰা কথা আছিল মোডীয়ে ৷ কিন্তু সেই সময়ত অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে তীব্ৰতৰ ৰূপ ধাৰণ কৰি থকাৰ ফলত বাতিল হৈছিল মোডীৰ সেই ভ্ৰমণ ৷ বৰ্তমানেও যিহেতু কা বিৰোধী আন্দোলন সম্পূৰ্ণৰূপে মাৰ যোৱা নাই তাৰবাবে অধিক সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷

বড়ো শান্তি-চুক্তিৰ বিজয় উল্লাস অনুষ্ঠানত ভাগ ল'বলৈ ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী
বড়ো শান্তি-চুক্তিৰ বিজয় উল্লাস অনুষ্ঠানত ভাগ ল'বলৈ ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী

গুৱাহাটী, 6 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে বড়ো শান্তি-চুক্তিৰ বিজয় উল্লাস অনুষ্ঠানত ভাগ ল'বলৈ ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন ৷ কটকটীয়া কৰি তোলা হৈছে বিমান বন্দৰৰ লগতে ৰাজধানী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা ৷ ইয়াৰোপৰি, মোডীক সন্তুষ্ট কৰিবলৈ পুনৰ সাজোন-কাচোনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে জিলা প্ৰশাসনে ৷ ৰাজপথত বিকল হৈ ওলমি থকা CC কেমেৰা সমূহো পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ যি কি নহওক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সুবাদতেই যেন কিছু পৰিমাণে পৰিৱৰ্তন সাধন হ'ব ৰাজধানী চহৰখনৰ ৷

বড়ো শান্তি-চুক্তিৰ বিজয় উল্লাস অনুষ্ঠানত ভাগ ল'বলৈ ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰী

কিন্তু প্ৰশ্ন হয় প্ৰধানমন্ত্ৰী আহিব বুলি তৎনাইকীয়া হোৱা মহানগৰ জিলা প্ৰশাসনে ইমান দিনে কিয় গুৰুত্ব দিয়া নাছিল প্ৰশাসনৰ সুবিধাৰ বাবে ৰাজপথত স্থাপন কৰা CC কেমেৰাসমূহ মেৰামতি অথবা পুনঃসংস্থাপনত ৷ বিভিন্ন সময়ত অপৰাধীয়ে লক্ষ্য কৰি লোৱা ৰাজধানী চহৰখনক আন সময়ত সুৰক্ষাৰ প্ৰয়োজন নহয় নেকি ?

লগতে পঢ়কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Intro:প্ৰধানমন্ত্ৰীৰ আগমনক লৈ যাতে নিৰাপত্তাত কোনো সুৰুঙা ৰৈ নোযোৱাৰ বৰঝাৰ বিমানবন্দৰত আৰক্ষী-প্ৰশাসনৰ ৰুদ্ধধাৰ বৈঠক ।
Body:Ocvo..অহাকাইলৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰীৰ আগমনক লৈ যাতে নিৰাপত্তাত কোনো সুৰুঙা ৰৈ নাযায় তাৰ বাবে আজি বৰঝাৰ বিমানবন্দৰত আৰক্ষী,প্ৰশাসন,CISF আৰু বিমানবন্দৰৰ বিষয়া কৰ্মচাৰীৰ সৈতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকল বিমানবন্দৰত এক ৰুদ্ধধাৰ বৈঠকত মিলিত হয় । মহানগৰীত উদ্ধাৰ হোৱা বোমা দুটা সংস্থাপন আঁৰত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে যদিও বিষয়টিৰ সন্দৰ্ভত স্পষ্ট নকৰিলে আৰক্ষী আয়ুক্তই । আনহাতে কাইলৈ প্ৰধান মন্ত্ৰীৰ আগমনৰ বাবে বৰঝাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলিও মন্তব্য কৰে আৰক্ষী আয়ুক্ত আৰু মহানগৰ জিলা উপায়ুক্তই । লগতে মহানগৰীত চি চি টিভিৰ দুৰ্বলতাৰ দিশ সন্দৰ্ভত চোৱা ছিটা কৰি থকা হৈছে বুলি দায় সৰা মন্তব্য দিলে উপায়ুক্তই ।

Bite1..MP Gupta,CP ।

আনহাতে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ নিলাম সামগ্ৰীৰ সন্দৰ্ভত মত প্ৰকাশ কৰি লিজৰ গৰাকীয়ে সামগ্ৰীসমুহ পাব বুলি মন্তব্য কৰে মহানগৰ জিলা উপায়ুক্তই । তাৰোপৰী সোনাপুৰত হ'বলগীয়া ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত ৰাইজ সম্পুৰ্ণৰূপে অৱগত নহয় বাবেই প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু প্ৰকৃতাৰ্থত সোনাপুৰত ডাম্পিং গ্ৰাউণ্ড নহয় বুলি দায়সৰা মন্তব্য কৰাৰ লগতে পেলনীয়া সামগ্ৰীৰ পৰা ব্যৱহাৰপযোগী সামগ্ৰী নিৰ্মানৰ কাৰখানা নিৰ্মান হ'ব বুলি মন্তব্য কৰে ।

Bite2..বিশ্বজিৎ পেগু,মহানগৰ জিলা উপায়ুক্ত ।
Conclusion:লগতে বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনক লৈ কোনো ক্ৰটি ৰৈ নোযোৱাৰ বাবে বৰঝাৰ বিমানবন্দৰত তালাচী চলোৱাৰ সমান্তৰালভাৱে গুৱাহাটীত উদ্ধাৰ হোৱা বোমা প্ৰতি লক্ষ্য ৰাখি বোমা নিষ্ক্ৰিয়কৰণৰ গাড়ীও সাজু কৰি থৈ দিয়া হৈছে ।



দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.