ETV Bharat / state

ৰঙিয়াৰ ডিমুত ছহিদ সুনীল কলিতাৰ নামত পথ নামাকৰণ

author img

By

Published : Nov 14, 2021, 2:21 PM IST

a-road-in-the-named-after-shahid-sunil-kalita-in-rangias-dimu
ৰঙিয়াৰ ডিমুত ছহিদ সুনীল কলিতাৰ নামত পথ নামাকৰণ

মাওবাদীৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু পালাৰাৰ চি আৰ পি এফৰ বীৰ জোৱান ছহিদ সুনীল কলিতাৰ স্মৃতি যুগমীয়া কৰিবলৈ ডিমু ডোৱক চাৰিআলিৰ পৰা বাইহাটা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথছোৱা তেওঁৰ নামত নামাংকৃত কৰা হয় ৷

ৰঙিয়া , 14 নৱেম্বৰ : ডিমুৰ মাওবাদীৰ আক্ৰমণত নিহত ছহিদ সুনীল কলিতাৰ স্মৃতি যুগমীয়া কৰিবলৈ নামাংকৃত কৰা হয় এটি পথ ৷ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু ডোৱক চাৰিআলিৰ পৰা বাইহাটা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথছোৱা দেওবাৰে আনুষ্ঠানিকভাৱে ছহিদ সুনীল কলিতাৰ নামেৰে নামাকৰণ কৰা হয় ।

উল্লেখ্য যে, দেশ মাতৃৰ সেৱাত ব্ৰতী হৈ 2019 বৰ্ষৰ 13 জুনত ঝাৰখণ্ডৰ চৰাইকিল্লাত মাওবাদীৰ আক্ৰমণত প্ৰাণ আহুতি দিছিল ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু পালাৰাৰ চি আৰ পি এফৰ বীৰ জোৱান ছহিদ সুনীল কলিতাই ৷ সেয়ে তেওঁৰ স্মৃতি সোঁৱৰণৰ লগতে ছহিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে চি আৰ পি এফৰ ৰাণীস্থিত 175নং বেটেলিয়নৰ কমাণ্ডেন্ট সুভাষ চন্দ্ৰ শৰ্মাই ডিমু ডোৱক চাৰিআলিত পথ নামাকৰণৰ ফলক উন্মোচন কৰে ।

a-road-in-the-named-after-shahid-sunil-kalita-in-rangias-dimu
ৰঙিয়াৰ ডিমুত ছহিদ সুনীল কলিতাৰ নামত পথ নামাকৰণ

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি কমাণ্ডেন্টগৰাকীয়ে কয় যে দেশ-মাতৃৰ হকে প্ৰাণ আহুতি দিয়া জোৱান সুনীল কলিতাক চি আৰ পি এফে সদায় মনত ৰাখিব । লগতে ছহিদ কলিতাৰ পৰিয়ালৰ সদস্যসকলক একোখন গামোচাৰে সম্বৰ্ধনা জনায় কমাণ্ডেন্টগৰাকীয়ে ৷ নিজৰ সন্তানক দেশ-মাতৃক ৰক্ষাৰ সেৱাত আত্মনিয়োগ কৰোৱা প্ৰতিটো পৰিয়ালক দেশবাসীয়ে এই সন্মান জনাই অহা বুলিও ভাষণত উল্লেখ কৰে কমাণ্ডেন্ট শৰ্মাই ৷

এই পথ নামাকৰণ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় এখন ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত কমাণ্ডেন্টগৰাকীয়ে ছহিদ সুনীল কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ।

ইয়াৰোপৰি ছহিদ সুনীল কলিতা স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি বিপুল কলিতা আৰু সম্পাদক কৰুণা ডেকা হালৈয়ে সভাত অংশগ্ৰহণ কৰি বীৰ জোৱান ছহিদ সুনীল কলিতাৰ নামত পথ নামাকৰণ কৰি ছহিদগৰাকীৰ স্মৃতি ৰক্ষা কৰিবলৈ জনোৱা আবেদনৰ সাকাৰ ৰূপ দিয়াত চি আৰ পি এফৰ ১৭৫ নং বেটালিয়ানৰ বিষয়াসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক : কিয় আকস্মিক মৃত্যুক আঁকোৱালি ল’লে বিপাঞ্চি বাৰ্বী গগৈয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.