ETV Bharat / state

চাংসাৰিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

author img

By

Published : Jun 11, 2021, 8:34 PM IST

road-accident-in-changsari-one-killed-on-the-spot
চাংসাৰিত পথ দুৰ্ঘটনা:থিতাতে নিহত এজন

বাইহাটা চাৰিআলিৰ চাংসাৰিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত চাংসাৰি থানাৰ অন্তৰ্গত বনমাজা গাঁৱৰ ভূপেন কলিতা নামৰ এজন লোক থিতাতে নিহত হয় ৷

বাইহাটা,11 জুন : শুকুৰবাৰে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বাইহাটা চাৰিআলিৰ চাংসাৰিত এজন লোকে ঘাইপথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে বিপৰীত দিশৰ পৰা AS-01-JC-5546 নম্বৰৰ এখন তীব্ৰবেগী ট্ৰাকে মূহুৰ্ততে মহতিয়াই নিয়ে লোকজনক ৷ যাৰ ফলত থিতাতে নিহত হয় লোকজন ৷

প্ৰত্যক্ষদৰ্শীৰ মতে, নিহত লোকজনৰ নাম ভূপেন কলিতা ৷ চাংসাৰি থানাৰ অন্তৰ্গত বনমাজা গাঁৱৰ লোকজন চৌকীগেটৰ এটা কোম্পানীত কৰ্মৰত আছিল আৰু কৰ্মস্থলীলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক: পৰিয়াল পৰিকল্পনা নীতি গ্ৰহণ কৰক সংখ্যালঘু সম্প্ৰদায়ে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.