ETV Bharat / state

Road accident in Rangia: ৰঙিয়াৰ চেপ্তীত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্য়ু

author img

By

Published : Nov 9, 2022, 11:56 AM IST

Road accident in Rangia
ৰঙিয়াৰ চেপ্তীত পথ দুৰ্ঘটনাত যুৱকৰ মৃ

কামৰূপ জিলাৰ ৰঙিয়াত মঙলবাৰে নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্য়ু হয় (Road accident at Rangia)। গুৱাহাটী আভিমুখে গৈ থকা ট্ৰেইলাৰ এখনৰ পিছফালে একে দিশৰ পৰা তীব্ৰগতিত গৈ থকা মটৰ চাইকেল এখনে খুন্দিওৱাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

  • ৰঙিয়াৰ চেপ্তীত মঙলবাৰে নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা (Road accident at Rangia)।
  • দুৰ্ঘটনাটোত ৰঙিয়া সুন্ধিয়াৰ সোণ বৈশ্য নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হয় (Youth death in road accident at Rangia)।
  • ইপিনে, মটৰ চাইকেলখনত অহা আন দুজন আৰোহী গুৰুতৰ ভাবে আহত হয় ।
  • আহত যুৱক দুজন হৈছে ৰঙিয়াৰ নকুলৰ শংকৰ দাস আৰু জুমন নাথ ।
  • গুৱাহাটী আভিমুখে গৈ থকা ট্ৰেইলাৰ এখনৰ পিছফালে একে দিশৰ পৰা তীব্ৰগতিত গৈ থকা AS01 EZ 0298 নম্বৰৰ মটৰ চাইকেলখনে খুন্দা মাৰে ।
  • মটৰ চাইকেলখনত তিনিজন আৰোহী আছিল । খুন্দা মৰাৰ লগে লগে মটৰ চাইকেলখনত যোৱা তিনিওজন যুৱক পথৰ ওপৰত চিটিকি পৰে ।
  • স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত যুৱক দুজনক ৰঙিয়াৰ এখন হাস্পতালত ভৰ্তি কৰায় ।
  • দূৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰেইলাৰখনৰ চালকজনে গাড়ীসহ পলায়ন কৰে ।

লগতে পঢ়ক:Accident in Guwahati: গুৱাহাটীত নিশা ভয়ংকৰ দুৰ্ঘটনাত নিহত এজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.