ETV Bharat / state

বকোত পথ দুৰ্ঘটনাত পতিত স্কুটি আৰোহী

author img

By

Published : Dec 17, 2020, 6:58 AM IST

বকো জাৰাপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ ঘটনাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজন ৷

road accident
বকোত পথ দুৰ্ঘটনাত পতিত স্কুটি আৰোহী

বকো, 17 ডিচেম্বৰ : বকো জাৰাপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ জাৰাপাৰাত থকা এটা তেল ডিপোত তেল ভৰাই ঘৰলৈ যাবলৈ লওঁতেই ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে স্কুটি আৰোহী । লগে লগে স্থানীয় ৰাইজে বকো আৰক্ষীক খবৰ দিয়াত বকো আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ।

road accident
বকোত পথ দুৰ্ঘটনাত পতিত স্কুটি আৰোহী

আহত যুৱকজন বকোৰ নৱপুৰ গাৱঁৰ 26 বছৰীয়া নয়নমণি দাস বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰিছে যুৱকজনক ৷

লগতে পঢ়ক : জনতাৰ দৃষ্টি এতিয়া বি টি আৰ চুক্তিৰ ৰূপায়ণ পৰ্বত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.