ETV Bharat / state

বকোত ভয়াবহ পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Mar 26, 2021, 7:53 AM IST

বৃহস্পতিবাৰে নিশা বকোৰ কেন্দুগুৰীত নিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই পথ দূৰ্ঘটনা ৷

বকোত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা
বকোত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা

বকো, 26মাৰ্চ: বৃহস্পতিবাৰে নিশা বকোৰ কেন্দুগুৰীত নিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় এই পথ দূৰ্ঘটনা ৷

বকোত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা
বকোত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা

এই পথ দূৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এজন যুৱক আৰু আন এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । নিহত যুৱকজনৰ নাম জাইৰুল আলী (২৫)আৰু আহত যুৱকজনৰ নাম অহেজ উদ্দিন (১৮) বুলি জানিব পৰা গৈছে । দূৰ্ঘটনাত পতিত হোৱা দুয়ো যুৱকৰ ঘৰ বকোৰ ২নং বৰুৱাত ।

আনহাতে, দুৰ্ঘটনাত পতিত হোৱা বাইক খনৰ নম্বৰ AS25 K 7590 । এই পথ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষী । দূৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখন ৷ উল্লেখ্য যে, পলায়ন কৰা ট্ৰাকখনৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে নিজা অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: আজি কমলপুৰত ৰণ ডংকা বজাব অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.