ETV Bharat / state

বাৰিষাৰ পূৰ্বেই খহনীয়াত বিধ্বস্ত বৰলীয়া নৈপৰীয়া ৰাইজ

author img

By

Published : May 8, 2020, 12:03 PM IST

উল্লেখ্য যে বছৰ বছৰ ধৰি অব্যাহত থকা বৰলীয়া নৈৰ গৰাখহনীয়াৰ ফলত এই অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ভেটি-মাতি জাহ যোৱাৰ ফলত সেই সকল দুৰ্ভগীয়া পৰিয়ালে অন্য স্থানলৈ স্থানন্তৰিত হ'বলগীয়া হৈছে । তথাপিও কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ ।

বাৰিষাৰ পূৰ্বেই খহনীয়াৰ বাবে আতংকিত বৰলীয়া নৈপৰীয়া ৰাইজ
বাৰিষাৰ পূৰ্বেই খহনীয়াৰ বাবে আতংকিত বৰলীয়া নৈপৰীয়া ৰাইজ

ৰঙিয়া, 8 মে : ৰঙিয়া হাচানটুকত বৰলীয়া নৈৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। প্ৰতি বছৰে খহনীয়াই অঞ্চলটোত কালৰূপ ধাৰণ কৰা বাবে প্ৰাক বাৰিষাতেই আতংকিত হৈছে নৈপৰীয়া ৰাইজ। বাৰিষাৰ সময়ত নদীৰ বাঢ়নী পানীয়ে ইতিপূৰ্বে শতাধিক পৰিয়ালৰ ভেটি-মাতিৰ লগতে বহু হেক্টৰ কৃ্ষিভূমি আৰু বহু মূল্যবান গছ-গছনি নিজৰ বুকুত সামৰি লৈছে।

বাৰিষাৰ পূৰ্বেই খহনীয়াৰ বাবে আতংকিত বৰলীয়া নৈপৰীয়া ৰাইজ

অঞ্চলটোৰ পৰিয়ালসমূহৰ জীৱন-জীৱিকালৈ সংকট কঢ়িয়াই অনা বৰলীয়া নৈৰ গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । ভেটি-মাতি হেৰুৱাই সৰ্বস্বান্ত হোৱা দুৰ্ভগীয়া পৰিয়ালকেইটাৰ খবৰ ল'বলৈও আহৰি নাই জনপ্ৰতিনিধিৰ ।

উল্লেখ্য যে, বছৰ বছৰ ধৰি অব্যাহত থকা বৰলীয়া নৈৰ গৰাখহনীয়াৰ ফলত এই অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ভেটি-মাতি জাহ যোৱাৰ ফলত সেই সকল দুৰ্ভগীয়া পৰিয়ালে অন্য স্থানলৈ স্থানন্তৰিত হ'বলগীয়া হৈছে । তথাপিও কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.