ETV Bharat / state

প্ৰাগজ্যোতি আই.টি.এত অনুষ্ঠিত হ’ল ৰাইজৰ দলত যোগদান কাৰ্যসূচী

author img

By

Published : Jan 2, 2021, 2:31 PM IST

গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই.টি.এত অনুষ্ঠিত কৰা হয় ৰাইজৰ দলত যোগদান কাৰ্যসূচী ৷ এই অনুষ্ঠানত প্ৰায় তিনি শতাধিক কৰ্মীয়ে যোগদান কৰে জাতীয়তাবাদী দলটোত ৷

as_raijor-dal-worker-joining-held-at-pragjyoti-ita-center-machkhoa_vis
প্ৰাগজ্যোতি আই.টি.এত অনুষ্ঠিত হ’ল ৰাইজৰ দলত যোগদান কাৰ্যসূচী

গুৱাহাটী,2 জানুৱাৰী: শনিবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই.টি.এত অনুষ্ঠিত কৰা হয় ৰাইজৰ দলত যোগদান কাৰ্যসূচী ৷ অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰ নেতৃত্ব প্ৰায় তিনি শতাধিক কৰ্মীয়ে দলটোত যোগদান কৰে ৷ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ সতীৰ্থসকল কঠোৰ প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায় ৰাছেল হুছেইনে ৷

প্ৰাগজ্যোতি আই.টি.এত অনুষ্ঠিত হ’ল ৰাইজৰ দলত যোগদান কাৰ্যসূচী

তেখেতে কয় যে, 2021ৰ বিধানসভা নিৰ্বাচনত বিধায়ক হোৱাৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হ’লে বিজেপিক কেতিয়াও প্ৰতিহত কৰিব পৰা নাযাব ৷ সকলোকে ঐক্যবদ্ধ হৈ ৰাইজৰ বাবে কাম কৰাৰ মানসেৰেহে দলটোক আগুৱাই নিব লাগিব ৷ সুদীর্ঘ কাল ছাত্ৰ ৰাজনীতিত জড়িত হৈ আৰু পৰৱৰ্তী সময়ছোৱাত অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক পদৰ অভিজ্ঞতাৰ পৰা ৰাইজৰ দলক নেতৃত্ব দি নতুন দিশত আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান ৰাছেল হুছেইনে ৷

লগতে পঢ়ক-জুক' ভেলীৰ বনজুই নিৰ্বাপনৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.