ETV Bharat / state

Withdrawal of Assamese medium: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া মাধ্যম প্ৰত্যাহাৰৰ বিৰোধিতা এবিএমছুৰ

author img

By

Published : Jun 28, 2023, 7:20 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া মাধ্যম প্ৰত্যাহাৰৰ বিৰোধিতা এবিএমছুৰ । বড়োলেণ্ড বিশ্ববিদ্যালয় কর্তৃপক্ষই স্নাতক পৰ্যায়ত অসমীয়া মাধ্যম প্ৰত্যাহাৰ কৰিছে বিশ্ববিদ্যালয়খনত ।

Protest over Withdrawal of Assamese medium
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া মাধ্যম প্ৰত্যাহাৰৰ বিৰোধিতা এবিএমছুৰ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া মাধ্যম প্ৰত্যাহাৰৰ বিৰোধিতা এবিএমছুৰ

ৰঙিয়া, 28 জুন : অসমতেই এলাগী হৈছে অসমীয়া ভাষা ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া মাধ্যম প্ৰত্যাহাৰৰ বিৰোধিতা এবিএমছুৰ । দেশৰ নতুন শিক্ষানীতি তথা ইউজিচিৰ ঘোষিত নীতিৰ বিপৰীতে বড়োলেণ্ড বিশ্ববিদ্যালয় কর্তৃপক্ষই স্নাতক পৰ্যায়ত অসমীয়া মাধ্যম প্ৰত্যাহাৰ কৰিছে বিশ্ববিদ্যালয়খনত । এয়া নিঃসন্দেহে অসমীয়া ভাষাৰ ওপৰত প্ৰচণ্ড আঘাত ।

চলিত বৰ্ষৰ ২৮ মার্চত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ বৈঠকে এক বৈঠকত মিলিত হৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আধুনিক ভাৰতীয় ভাষাৰ বাহিৰে (এমআইএল) আন সকলো বিষয়ত মেজৰৰ পৰীক্ষাৰ উত্তৰ বহী কেৱল ইংৰাজীতহে লিখিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল । স্নাতক শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলে পৰীক্ষাত ইংৰাজীত লিখাটো বাধ্যতামূলক কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ে ৷

ইয়াৰ পিচতেই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত কোনো পধ্যেই মানি নলয় বুলি এবিএমছুৱে তীব্ৰ বিৰোধিতা কৰে । ঈদৰ পিচতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনৰ । বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি) দেশৰ বিশ্ববিদ্যালয় তথা উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহক মাতৃভাষা মাধ্যমতে ছাত্র- ছাত্রীসকলক জ্ঞান আহৰণ তথা পৰীক্ষাত লিখাৰ বাবে অনুমতি দিবলৈ পৰামৰ্শ দিছে , যি সময়ত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্রমো মাতৃভাষাত প্রস্তুত কৰিবৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে পূৰ্ণগতিত প্রস্তুতি চলাইছে । সেই সময়তে ৰাজ্যৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়, কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত ঘটিছে সম্পূৰ্ণ বিপৰীত ঘটনা ।

ইয়াৰ পোনপটীয়া অর্থ হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ ৫৯ খন কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰ পৰা মেজৰৰ পৰীক্ষাত পূৰ্বৰ দৰে অসমীয়াত লিখিব নোৱাৰিব । ২৮ মাৰ্চত অনুষ্ঠিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ বৈঠকৰ সিদ্ধান্ত মর্মে ২৬ জুনত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়কে এক জাননী জাৰি কৰি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজৰ স্নাতক মেজৰ, বৃত্তিগত পাঠ্যক্ৰমত ইংৰাজীত লিখাটো বাধ্যতামূলক কৰা হৈছে।

পোনপটীয়াকৈ নক'লেও জাননীখনত এইদৰেও ইংগিত দিয়া হৈছে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ স্নাতক শ্ৰেণীৰ পাছ কোৰ্ছ বা সাধাৰণ পাঠ্যক্ৰমতো পর্যায়ক্রমে অসমীয়া ভাষাত লিখাটো বন্ধ কৰা হ'ব । ছাত্র-ছাত্রীসকলে পাছ কোৰ্ছত অসমীয়াত লিখাটো ষ্টাডী মেটেৰিয়েলৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও জাননীখনত উল্লেখ কৰা হৈছে ।

বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই অসমীয়া ভাষাবিদ্বেষী কাৰ্যই বিটিএডিৰ অসমীয়াভাষীসকলৰ লগতে সমস্ত অসমীয়াভাষীৰ আবেগ-অনুভূতিত আঘাত হানিছে । এই জাননীৰ পিচতেই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ মাতৃভাষা অসমীয়া হোৱা ছাত্র-ছাত্রীসকলে ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তক লৈ ৰাজ্যৰ বৌদ্ধিক তথা শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত অসম সাহিত্য সভা আৰু আছুকে ধৰি জাতীয় সংগঠনসমূহৰ ভূমিকা কেনে হ'ব সেয়া লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: Matak Union protest: সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.