ETV Bharat / state

Protest in Rangia: পথৰ মেৰামতিৰ দাবীত ৰঙয়াত তীব্ৰ প্ৰতিবাদ

author img

By

Published : Nov 6, 2022, 2:06 PM IST

protest demanding repair of road in rangia
পথৰ মেৰামতিৰ দাবীত ৰঙয়াত তীব্ৰ প্ৰতিবাদ

জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে ৰঙিয়াবাসীক । বহুবাৰ আবেদন নিবেদনৰ পাছতো কোনো সহাৰি নাপায় পথ মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহিল একাংশ ছাত্ৰ-ছাত্ৰী । ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Students protest in Rangia) ।

ৰঙিয়া, ৬ নৱেম্বৰ: ৰঙিয়াৰ এটা গড়কাপ্তানী পথৰ মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী । পথটো হৈছে ৰঙিয়া ৩ নং ৱাৰ্ডৰ হাইৱে বাছ আস্থানৰ পৰা ৰঙিয়া মহাবিদ্যালয়ৰ সন্মুখেৰে পাৰ হৈ হাজোলৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথ । ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে পথটোৰ ভঙা অংশত থিয় হৈ লোক নিৰ্মাণ বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Students protest in Rangia) ।

প্ৰতিবাদকাৰী ছাত্র-ছাত্ৰী সকলে যথেষ্ট ক্ষোভেৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ লগতে লোক নিৰ্মাণ বিভাগৰ অদূৰদৰ্শিতাৰ বিৰুদ্ধে মাত মাতি কয় যে, নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি হেমাহি হোৱা বাবে নিতৌ সহস্ৰাধিক লোকে যাতায়তৰ নামত দুৰ্ভোগ ভুগিব লগীয়া হৈছে ।

উল্লেখযোগ্য যে এই পথটো ৰঙিয়া উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ খেলপথাৰৰ সন্মুখেৰে পাৰ হৈ অহা কিছু পিছতেই বড়ো চুবাৰ ওচৰত প্ৰায় দুশ মিটাৰ একেবাৰে তথৈবচ অৱস্থাত আছে (Protest demanding repair of road in Rangia) ।

পথৰ মেৰামতিৰ দাবীত ৰঙয়াত তীব্ৰ প্ৰতিবাদ

বাৰিষা দ খাৱৈত পৰিণত হোৱা পথটো বৰ্তমান খৰালিৰ বাবে ধূলিৰে উপচি পৰিছে । ঠায়ে ঠায়ে পথটো উৱঁলি গৈ তলত থকা ডাঙৰ ডাঙৰ শিলবোৰ ওলাই পৰাৰ ফলত দুৰ্ঘটনা ঘটাৰ সম্ভাৱনীয়তা বৃদ্ধি পাইছে । আনহাতে, পথটো খলাবমা হোৱাৰ ফলত যাত্ৰীবাহী ই-ৰিক্সা সমুহৰ লগতে দুচকীয়া যানবাহন সমুহো চলাচলৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হৈ আহিছে (Bad condition of roads in Rangia) ।

পথটোৰ দাঁতিত ৰঙিয়াৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান ৰঙিয়া মহাবিদ্যালয়ৰ লগতে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়খনো আছে । কিন্তু এইচোৱা পথৰ দুৰৱস্থাৰ বাবে দুয়োটা প্ৰতিষ্ঠানতেই কোনো লোকে সময় মতে উপস্থিত হ’ব নোৱাৰে । ইফালে চিকিৎসালয়খনলৈ যোৱা সংকটজনক অৱস্থাৰ ৰোগী সকলেও মৰণক শৰণ কৰি পথটোৰে যাতায়ত কৰিবলৈ বাধ্য হৈছে ।

বহু দিনৰ পৰা ধৈৰ্যৰে অপেক্ষা কৰি অৱশেষত ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব লগীয়া হয় । ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ কলিতা আৰু হৃষিকেশ কলিতাৰ নেতৃত্বত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে অনতিপলমে পথটো মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি তোলাৰ বাবে দাবী জনায় ।

আনফালে ৰঙিয়া মহাবিদ্যালয়ৰ এবিভিপি শাখাৰ এটি দলেও পৃথকে ৰঙিয়া মহাবিদ্যালয় পৰা ৰেলী উলিয়াই পথটো তাৎক্ষণিকভাৱে মেৰামতি কৰাৰ বাবে ৰঙিয়াত থকা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক: Arjuna Award 2022: অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেল্থ গেমছৰ স্বৰ্ণ বিজয়ী নয়নমণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.