ETV Bharat / state

Mid Day Meal Workers Union Press Meet : শীঘ্ৰে আন্দোলনত নামিব মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকল

author img

By

Published : Dec 8, 2021, 10:48 AM IST

press meet of Mid day meal workers union at rangia
ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সংবাদমেল

মঙলবাৰে ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে সম্বোধন কৰে এক সংবাদমেল(Mid Day Meal Workers Union Press Meet)ৰ ৷ সংবাদমেলযোগে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সদস্যই ৰাজ্যজুৰি পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ কথা মন্তব্য কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ 20 ডিচেম্বৰত জিলা ভিত্তিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ দিয়ে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৷

ৰঙিয়া, 8 ডিচেম্বৰ : ৰাজ্যজুৰি পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে(Mid Day Meal Workers Union Press Meet) । এই সন্দৰ্ভত মঙলবাৰে ৰঙিয়াত ইউনিয়নে সম্বোধন কৰে এক সংবাদমেল ৷

সংবাদমেলত সংগঠনটোৰ নেতৃবৃন্দই সদৰী কৰা অনুসৰি, বছৰ বছৰ ধৰি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত অতি নিম্ন পাৰিশ্ৰমিকত কৰ্ম সম্পাদন কৰি আহিছে মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে । আনকি মাননিৰ ধন বৃদ্ধিৰ বাবে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হোৱা ৰন্ধন কৰ্মীসকলৰ পাৰিশ্ৰমিকৰ ধন বৃদ্ধি কৰাৰ বিপৰীতে চৰকাৰে সমগ্র আঁচনিখন অক্ষয়পাত্ৰ ফাউণ্ডেচনৰ দৰে বে-চৰকাৰী সংস্থাক গতাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে ।

যাৰ পৰিপ্ৰেক্ষিতত 20 ডিচেম্বৰত জিলা ভিত্তিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে । সমান্তৰালভাৱে একেটা দিনতে গুৱাহাটীত বিক্ষোভ সমাৱেশ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ সভাপতি বিবেকানন্দ অধিকাৰী আৰু সাধাৰণ সম্পাদিকা কনকলতা দাস প্ৰমূখ্যে অন্যান্য নেতৃবৃন্দই ।

লগতে পঢ়ক : Students' Protest at Rangia: পাঠগ্ৰহণ এৰি ধৰ্ণাত বহিল ছাত্র-ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.